/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/a5dca78e-9f47-4636-8072-b09ae5f0f117/14.jpg)
ডিজিটেল সংবাদ,গুৱাহাটী : আজি ভাৰতবৰ্ষ হৈ পৰিছে বিশ্বৰ পঞ্চম অৰ্থনীতিৰ দেশ। আগন্তুক ৫ বা ১০ বছৰত আমি কেনেকৈ বিশ্বৰ তৃতীয় অৰ্থনীতিৰ দেশ হ'ব পাৰো সেই কথা চিন্তা কৰিব লাগে।- এই মন্তব্য মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ। এন ডি এ মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ মনোনয়ন পত্ৰ দাখিল কাৰ্যসূচীৰ পূৰ্বে বৃহস্পতিবাৰে অনুষ্ঠিত বিশাল জনসভাত ভাষণ দাঙি ধৰি এই মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/ad275588-aacf-4c31-a78b-b7bbe7c7b4cd/435708416_1071354307684918_7348843268707679467_n.jpg)
ভাৰতবৰ্ষক বিশ্বৰ তৃতীয় অৰ্থনীতিৰ দেশ কৰাৰ উপৰি চীনকো যাতে আমি চেৰ পেলাব পাৰো, তাৰ বাবে নৰেন্দ্ৰ মোদীক তৃতীয়বাৰৰ কাৰণে নৰেন্দ্ৰ মোদীক প্ৰধানমন্ত্ৰী কৰিব লাগে বুলি মন্ত্ৰীগৰাকীয়ে ভাষণত উল্লেখ কৰে। সভাত মন্ত্ৰীগৰাকীয়ে বঙাইগাঁও সমষ্টিৰ বিধায়ক ফণীভূষণ চৌধুৰী সন্দৰ্ভত কয় যে ৮৫ চনৰ পৰা ননষ্টপ জিকিয়ে আছে ফণীভূষণ চৌধুৰী। বঙাইগাঁৱৰ পৰা তেওঁৰ সাম্ৰাজ্যখন এতিয়া আমি অলপ বহল কৰি দিছো। নলবাৰীৰ পৰা অভয়াপুৰী, হাজো-শুৱালকুছিলৈ, আমিনগাঁৱৰ পৰা ছালাকাটি ফণীভূষণ চৌধুৰীৰ সাম্ৰাজ্য।
কোচৰ সাম্ৰাজ্য ডাঙৰ আছিল, সেই কাৰণে আমি এইবাৰ তেওঁৰ সাম্ৰাজ্যখন ডাঙৰ কৰি দিছো। সেয়ে ফণীভূষণ চৌধুৰীক আমি বহুত ভোটত জিকাব লাগিব। আমি সকলোৱে মিলি ফণীভূষণ চৈধুৰীক জিকাব লাগে, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ হাত শক্তিশালী কৰিব লাগে আৰু তৃতীয়বাৰৰ কাৰণে নৰেন্দ্ৰ মোদীক তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী কৰিব লাগে- এয়াই আমাৰ সকলোৰে লক্ষ্য।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/7ecd8131-2d1a-4f96-83f5-89c518cd2ef9/435880841_1071354337684915_2141943241317502761_n.jpg)
মন্ত্ৰীগৰাকীয়ে সভাত উদাত্ত ভাষণ দাঙি ধৰি কয়- এইবাৰ ১৪ৰ ১৪খন আসনেই আমি জিকি আছো, তাত চিন্তা কৰিব লগা নাই। ১৪ৰ ১৪ জিকা মানেই ড০ হিমন্ত বিশ্ব শৰ্মাৰ হাত শক্তিশালী হোৱা। ড০ হিমন্ত বিশ্ব শৰ্মাই এই আঢ়ৈ তিনি বছৰৰ চৰকাৰখনত আৰু আমাৰ যোৱা ৮ বছৰৰ চৰকাৰখনত অসমত কি পৰিৱৰ্তন হৈছে অসমৰ ৰাইজে দেখিছে। প্ৰতিজন দৰিদ্ৰ মানুহৰ উন্নয়নৰ কাৰণে আজি অসম চৰকাৰে চিন্তা কৰিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/cb694248-6960-4907-afbe-c51c883108c0/436350807_1071354374351578_4805152550556486036_n.jpg)
ইয়াৰোপৰি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কয়- মুখ্যমন্ত্ৰী ড০ শৰ্মাই কৈছে যে আমাৰ চৰকাৰ গঠন হোৱাৰ পিছত অসমৰ প্ৰতিটো ৰেচন কাৰ্ড থকা পৰিয়ালক একোটাকৈ অৰুণোদয় দিয়া হ'ব। অকল অৰুণোদয়ে নহয় ৰেচন কাৰ্ড থকা পৰিয়ালৰ মুৰব্বী মানুহজনক জীৱন বীমা আৰু দুৰ্ঘটনা বীমাৰ বিনমূলীয়া ইঞ্চুৰেন্স কৰি দিয়া হ'ব। এই ইঞ্চুৰেন্সৰ প্ৰিমিয়াম অসম চৰকাৰে দিব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/b97eba1b-dc66-42a3-b7fc-0b6ea3cb32a2/436222109_1071354411018241_8155526639698019696_n.jpg)
আনহাতে ছোৱালীৰ দায়িত্ব হিমন্ত মামাই লোৱা বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰি কয় যে ছোৱালীয়ে মেট্ৰিক পাছ কৰি উচ্চতৰ মাধ্যমিকত নামভৰ্তি কৰিলে ১০ হাজাৰ টকা, উচ্চতৰ মাধ্যমিক পাছ কৰি স্নাতকত নামভৰ্তি কৰিলে ১২,৫০০ টকা আৰু স্নাতক উত্তীৰ্ণ হৈ স্নাতকোত্তৰত নামভৰ্তি কৰিলে ২৫ হাজাৰ টকা দিয়া হব। তদুপৰি লাখপতি বাইদেউ আদি আঁচনিসমূহ আছেই, গকিকে এইসমূহ পাবলৈ হলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ হাত শক্তিশালী কৰিব লাগিব বুলি মন্ত্ৰীগৰাকীয়ে ভাষণত উল্লেখ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/8ded7934-e6a5-42c4-970e-a1b0fe9cb453/439422391_1071378867682462_3286905329420114212_n.jpg)
তেওঁ ফণীভূষণ চৌধুৰীক হাতীৰ চিনত ভোট দি বিপুল ভোটত জয়যুক্ত কৰিবলৈ সকলোকে আহ্বান জনায়। উল্লেখ্য যে বিশাল জনসভা সম্বোধন কৰাৰ পিছত মন্ত্ৰীগৰাকীয়ে ৰোড শ্ব’ৰ মাজেৰে বৰপেটাৰ এন ডি এ মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ মনোনয়ন পত্ৰ দাখিল কাৰ্যসূচীত অংশগ্ৰহণ কৰে। উক্ত সভাত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ উপৰি অগপৰ সভাপতি অতুল বৰা, বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য আদিকে ধৰি অগপ তথা মিত্ৰজোঁটৰ দলীয় কাৰ্যকৰ্তাসকল উপস্থিত থাকে।
Also Read: মুখ্যমন্ত্ৰীলৈ ফোন কৰাৰ প্ৰমাণ দিব পাৰিলে অখিল গগৈয়ে এৰিব বিধায়ক পদ