/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/a77898a8-b926-46dc-b025-37c23d9aff2a/kaziranga.jpg)
ডিজিটেল সংবাদ, কাজিৰঙা : সৰা পাতত ফাগুনৰ বতৰা ৷ সেউজ প্ৰকৃতিৰ ৰং সলাই ফাগুন নামিছে ধৰালৈ ৷ প্ৰকৃতিৰ পৰিবৰ্তিত ধাৰাত শীতৰ কুৱলীৰ ডাঠ আৱৰণৰ ঠাই লৈছে ধূলিৰ কণাবোৰে ৷ নিয়ৰ ধৰি ৰখা সেউজীয়া পাতবোৰেও পাতিছে তল সৰা পাতৰ দলিচা ৷ ফাগুনে নষ্টালজিক কৰি তোলে সকলোকে ৷ সকলোৰে দুখ কাঢ়ি লৈ দি যায় প্ৰাপ্তিৰ বতৰা, শুকান পাতত ফাগুনে কঢ়িয়াই ফুৰে প্ৰেমিকাৰ বতৰা, এয়াই ফাগুণ, এয়াই প্ৰেমিক ফাগুন ৷ ফাগুনে লঠঙা কৰা বিশালকাই বৃক্ষৰ মাজে মাজে তল সৰা পাত ৷ শুকাবলৈ লোৱা বননিৰ মাজত জিলিকি উঠিছে নল খাগৰি বিৰিণাৰ সেউজ ৰঙৰ বোল ৷ ওখ ওখ ঘাঁহনিৰ মাজত শিমলুৰ ৰঙা পাহিৰ অপূৰ্ব সমাহাৰ ৷ এয়াই কাজিৰঙাৰ ফাগুনৰ ৰং ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/95489b67-cd58-4c4c-a155-3caafefac87f/WhatsApp_Image_2023_02_09_at_1_24_13_AM__1_.jpeg)
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিবলৈ অহা পৰ্যটকৰ বাবে বন্যপ্ৰাণীৰ ওপৰি কাজিৰঙাৰ ফাগুনৰ মনোমোহা ৰূপো হৈ পৰিছে অন্যতম আকৰ্ষন ৷ কাজিৰঙাৰ সেন্দূৰীয়া একা বেকা পথেৰে আগবঢ়া জীপচি গাড়ীত উঠি দেশী বিদেশী পৰ্যটকে উপভোগ কৰিছে কাজিৰঙাৰ অতুলনীয় সৌন্দৰ্য্যৰ আকৰ ৷ আন কথাত এয়া কাজিৰঙাৰ অন্যতম বৈশিষ্ট ৷ প্ৰতিটো ঋতু পৰিবৰ্তনৰ লগে লগে সলনি হোৱা প্ৰকৃতিৰ ৰঙে নতুন ৰূপত সজাই তোলে কাজিৰঙাক ৷
শীতৰ শেঁতা আভৰণ আতৰাই নতুন পোছাক পিন্ধোৱাৰ দুৰ্দান্ত হেপাহঁ ফাগুণৰ ৷ চাৰিওফালে পলাশ, শিমলু, মদাৰৰ জুই ছটিয়াই দিয়ে ৷ ফাগুনে ৰঙীণ হৈ থাকি চাৰিওফালে ছটিয়াই দিয়ে ৰং,কেৱল ৰঙীণ সফুৰা ৷ এয়া পুহ মাঘৰ পাছত প্ৰকৃতিৰ অন্যতম সৃষ্টি ফাগুন ৷ সময়ৰ গতিত লঠঙা হৈ পৰা গছবোৰেও আন এক মনোমোহা ৰূপ দিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক ৷ উদ্যানখনৰ একাবেকা পথত শিমলুৱে মেলিছে পাহি। শুকাই যোৱা ইকৰা খাগৰিৰ মাজত ওখ ওখ শিমলুৱে মেলিছে ৰূপৰ পোহাৰ ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/e3f08f5e-1c9d-4514-b547-e373daa628b7/WhatsApp_Image_2023_02_09_at_1_24_13_AM.jpeg)
প্ৰকৃততে ফাগুনৰ পৰাই পৰা আৰম্ভ হয় ৰাষ্ট্ৰীয় উদ্যানখনৰ ফুলৰ বতৰ ৷ ফেব্ৰুৱাৰী মাহৰ পৰা এপ্ৰিল মাহলৈকে বন্যপ্ৰাণীৰ বিচৰণৰ দৃশ্য উপভোগ কৰিবলৈ অহা পৰ্যটকে ফুলৰ বতৰত লাভ কৰে এক নতুন মাদকতা ৷ পলাশ, শিমলু, এজাঁৰ, কৃষ্ণচূড়া, ৰাধাচূড়াৰ ৰঙা হালধীয়া, বেঙুনীয়া ৰঙৰ সংমিশ্ৰণে আকৰ্ষনীয় ৰূপ দিয়ে কাজিৰঙাক ৷