/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/2ffa3d24-074b-469d-a035-586f1f18a578/pm.jpg)
ডিজিটেল সংবাদ, মাজুলী : ফাগুনৰ প্ৰথমটো বুধবাৰে উদযাপন হয় মিচিং জনগোষ্ঠীৰ কৃষিভিত্তিক উৎসৱ আলি আঃয়ে লৃগাং। লৃগাংলৈ মাজত মাথোঁ এসপ্তাহ সময় আছে। অহা ১৫ ফেব্ৰুৱাৰীত উদযাপন হব লগা আলি আঃয়ে লৃগাংৰ উদযাপনকলৈ প্ৰস্তুতি তুংগত উঠিছে সমগ্ৰ মিচিং বসতিপ্ৰধান গাঁওসমূহত।
ৰাজ্যৰ বিভিন্ন জিলাৰ লগতে মাজুলীৰ বিভিন্ন গাঁৱত এতিয়া গোমৰাগ চঃমান, ঐনিঃতম সুৰ,ঢোলৰ চেৱে চেৱে নাচ আদিৰে মুখৰিত হৈ পৰিছে। মাজুলীৰ হাতীমূৰীয়া মিচিং গাঁৱত বুধবাৰে আলি আঃয়ে লৃগাংৰ লাইখুঁটা স্হাপণৰ লগত সংগতি ৰাখি এক উৎসৱ মুখৰ পৰিৱেশ বিৰাজ কৰা পৰিলক্ষিত হয়। সেই অনুসৰি পুৱাৰ ভাগত মাংগলিক কাৰ্যসূচী সম্পন্ন কৰাৰ পিছত ধৰ্মীয় বিশ্বাস আৰু পৰম্পৰাগতভাৱে দঞি পলঃ দেৱতাক স্মৰণ কৰি হাতীমূৰীয়া গাঁৱৰ গাম তথা মিগম বৰা দেবেন কামানে আনুষ্ঠানিকভাৱে লাইখুঁটা স্হাপণ কৰে।
ইয়াৰ পিছত হাতীমূৰীয়া মিচিং গাঁৱৰ ডেকা-গাভৰু, বুঢ়া-বুঢ়ী,কণ কণ যুৱক-যুৱতী,জীয়ৰী, বোৱাৰী আদি সকলো একাকাৰ হৈ ঢোলৰ চেৱে চেৱে গোমৰাগ নৃত্যৰ তালে তালে ঐ নিঃতমৰ সুৰত উখল মাখল হৈ পৰে সমগ্র আলি আঃয়ে লৃগাংৰ উদযাপনৰ থলী।