হত্যাৰ গোচৰো মেনেজ কৰা বিজেপিৰ যুৱ-মৰ্চাৰ উপ-সভাপতি...

হত্যাৰ গোচৰো মেনেজ কৰা বিজেপিৰ যুৱ-মৰ্চাৰ উপ-সভাপতি...

ডিজিটেল ডেস্ক : দেশ এখন সুকলমে পৰিচালনা কৰিবলৈ সকলোতকৈ অন্যতম আহিলা হৈছে ৰাজনীতি । এই ৰাজনীতিৰ অৰ্থৰ পৰিসৰ বহু বিশাল । যাৰ বাবে প্ৰত্যেক খন দেশেই সুকীয়া ৰাজনৈতিক আদৰ্শৰে পৰিচালনা কৰি আহিছে সকলো কাম-কাজ । কিন্তু তাৰ মাজতেই ক্ষমতা পিয়াসী একাংশৰ হস্তক্ষেপত কলুষিত ৰাজনীতিৰ মজিয়া । আৰু কেৱল ৰাজনীতিয়েই নহয় বৰং সমগ্ৰ সমাজতেই এক হাহাকাৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে এই সকল লোকৰ বাবে ।

এনে এক তদ্ৰূপ ঘটনাই সংঘটিত হৈছে দক্ষিণ শালমাৰাত । দক্ষিণ শালমাৰাৰ বিজেপিৰ যুৱ-মৰ্চাৰ উপ-সভাপতি সুৰত জামান আহমেদৰ ভাইৰেল হোৱা ভিডিঅ'ত দেখা গৈছে এই সকলো ঘটনা । স্থানীয় আৰক্ষীৰ সৈতে বুজা-বুজি কৰি হত্যাৰ গোচৰ পৰ্যন্ত মেনেজ কৰিব পাৰে এই সুৰত জামানে । আৰক্ষীয়ে আছামীৰ পৰা ৬০ শতাংশ উৎকোচ লোৱাৰ পৰিৱৰ্তে সুৰত জামানে লয় ৪০ শতাংশ উৎকোচ ।

নিশা সুৰাৰ পাৰ্টীত দম্ভালি মাৰি এই কথা প্ৰকাশ কৰে খোদ উপ-সভাপতি গৰাকীয়ে । ইয়াৰ ওপৰিও স্থানীয় আৰক্ষী বিষয়া এগৰাকীৰ ভগ্নীৰ সৈতেও প্ৰেমৰ সম্পৰ্ক থকাৰ কথাও উল্লেখ কৰে সুৰত জামান আহমেদে ।

এই সকলোবোৰ বিভিন্ন ছ'চিয়েল মাধ্যমত ভাইৰেল হোৱাৰ পাছতো নিমাত প্ৰশাসন । লোৱা হোৱা নাই উপ-সভাপতি গৰাকী অথবা স্থানীয় আৰক্ষীৰ বিৰুদ্ধে কোনো ব্যৱস্থা ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in