/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/086466f7-7855-450b-a698-5c440c440074/forkating.jpg)
ডিজিটেল সংবাদ, ফৰকাটিং : গোলাঘাট ফৰকাটিঙত চলিত বৰ্ষৰ ৫ নৱেম্বৰত আৰম্ভ কৰা হ'ল পলি বৰুৱা পৰিৱেশ্য কলা মহাবিদ্যালয়। ফৰকাটিং চিনিয়ৰ ছেকেণ্ডাৰী স্কুলত প্রতিষ্ঠা কৰা পৰিৱেশ্য কলা মহাবিদ্যালয়ত তবলা বাদন, বাঁহী বাদন, সত্ৰীয়া নৃত্য, গিটাৰ বাদন, খোল আৰু গায়ন-বায়নৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/f4c67c46-8067-4b64-9689-88a5dae40620/WhatsApp_Image_2022_11_13_at_1_54_51_PM.jpeg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/49c8a786-498f-4bac-9ceb-03147655d7ae/WhatsApp_Image_2022_11_13_at_1_54_52_PM.jpeg)
বৰ্তমান লৈকে এই মহাবিদ্যালয়ত বহুতো ছাত্র- ছাত্রীয়ে নামভৰ্তি কৰিছে। বিদ্যালয়ৰ কতৃপক্ষই জানিবলৈ দিয়া অনুসৰি সত্ৰীয়া, গিটাৰ, তবলা বাদনৰ, বাঁহী বাদন, খোল বাদনৰ, চিত্রকলা, নাটক, গায়ন-বায়ন, আধুনিক গীত, ভকেল, হাৰমনিয়ামৰ শ্ৰেণী সমূহ চলাই যাব বুলি জানিবলৈ দিয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/de2190b4-994a-4300-95da-b3bb8166d1bf/WhatsApp_Image_2022_11_13_at_1_54_52_PM__1_.jpeg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/1c529cc0-a5d3-424b-9873-b102ad227572/WhatsApp_Image_2022_11_13_at_1_54_53_PM.jpeg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/fe707f5e-7b4d-4ae1-8268-8b765bd24568/WhatsApp_Image_2022_11_13_at_1_54_54_PM.jpeg)
এই মহাবিদ্যালয়ত নামভৰ্তি কৰিবলৈ কোনো ধৰনৰ বয়সৰ সীমা কৰ্তৃপক্ষই ধাৰ্য কৰি দিয়া নাই, যিকোনো ইচ্ছুক ছাত্র-ছাত্ৰীয়ে নামভৰ্তি কৰিব পাৰিব। বিগত নৱেম্বৰ ১২ তাৰিখে তবলা বাদন, বাঁহী বাদন, গিটাৰ, সত্ৰীয়া নৃত্যৰে শেণীসমূহৰ শুভাৰম্ভ কৰা হৈছে । ফৰকাটিং চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ এনেধৰনৰ প্রয়াসত স্থানীয় ৰাইজে ভূয়সী প্রশংসা কৰে আৰু সহযোগিতা আগবঢ়াই।
আৰু পঢ়ক : অৰ্ধ শতিকাৰ অন্তৰালত পুনৰ চন্দ্ৰ অভিমুখী মহাকাশযান...