অৰ্ধ শতিকাৰ অন্তৰালত পুনৰ চন্দ্ৰ অভিমুখী মহাকাশযান...

অৰ্ধ শতিকাৰ অন্তৰালত পুনৰ চন্দ্ৰ অভিমুখী মহাকাশযান...

ডিজিটেল ডেস্ক : ১৯৭২ চনত চন্দ্ৰলৈ শেষবাৰৰ বাবে উৰা মাৰিছিল এপ'লো-১৭ । নাছাৰ এপ'লো প্ৰকল্পৰ অন্তিমটো প্ৰকল্প এপ'লো-১৭ ই সৰ্বমুঠ ১২ দিনৰ বাবে মহাকাশত অৱস্থান কৰি ইউগেন চাৰ্নান আৰু হেৰিচনে চন্দ্ৰত অৱতৰণ কৰা অন্তিম দুজন মহাকাশচাৰী ৰূপে স্বীকৃতি লাভ কৰিছিল । এই যাত্ৰাৰ অৰ্ধ শতিকা পাছত পুনৰ চন্দ্ৰলৈ উৰা মাৰিব নাছাৰ মহাকাশযান । আৰ্টেমিছ-১ নামৰ মহাকাশযান খনে চলিত নৱেম্বৰ মাহৰ তৃতীয়টো সপ্তাহত চন্দ্ৰ অভিমুখী যাত্ৰা আৰম্ভ কৰিব ।

ইতিহাসৰ আটাইতকৈ শক্তিশালী মহাকাশযান ৰূপে পৰিচিত আৰ্টেমিছত অৱশ্যে নেথাকিব কোনো মহাকাশচাৰী । কিন্তু আগন্তুক তিনিটা বছৰত নাছাৰ মহাকাশচাৰীৰ সৈতে যাত্ৰা কৰিব লগীয়া মহাকাশযান সমূহৰ নিৰাপদ অৱতৰণৰ বাট মুকলি কৰি দিব আৰ্টেমিছে-১ এ ।                                 

নাছাৰ অন্তিমটো চন্দ্ৰযাত্ৰাৰ সময়তছোৱাত বিশ্বাস কৰা হৈছিল যে, আন এটি যাত্ৰাৰ বাবে মানৱ জাতিক ৫০ বছৰতকৈ অধিক সময়ৰ প্ৰয়োজন হ'ব ভৱিষ্যতলৈ । কিন্তু চলিত বৰ্ষৰ ডিছেম্বৰত অৰ্ধ শতিকা স্পৰ্শ কৰাৰ পূৰ্বেই নাছাই চন্দ্ৰলৈ প্ৰেৰণ কৰিব আৰ্টেমিছ-১ ।                                    

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in