/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/baf91dd3-75be-49cc-8c0b-fdd9be7502ff/dhemaji_cong.jpg)
ধেমাজিত কংগ্ৰেছৰ পথ সভা
ডিজিটেল সংবাদ, ধেমাজিঃ বিজেপি চৰকাৰৰ দিনত মানুহৰ বাক স্বাধীনতা খৰ্ব কৰা হৈছে, চৰকাৰৰ বিৰুদ্ধে মাত মাতিলেই তেওঁক জেলত ভৰোৱা হৈছে, এই গুৰুতৰ অভিযোগ অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক তথা জ্যেষ্ঠ মুখপাত্ৰ শৈলেন সোণোৱালৰ ৷
শনিবাৰে ধেমাজি নগৰৰ নলনিপামৰ লিলি চিনেমা হ'লৰ প্ৰাংগনত অনুষ্ঠিত এক পথ সভাত অংশগ্ৰহণ কৰি মুখপাত্ৰ সোণোৱালে বিজেপি চৰকাৰক চোকা ভাষাৰে সমালোচনা কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী তথা একালৰ জাতীয় নায়ক সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে ক্ষোভ উজাৰে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/396feb9c-a06f-4488-8509-da2355282fdd/1aacf2ba_4cfd_43a3_9b3f_ba87fafdebd1.jpg)
ভাষণ প্ৰসংগত তেওঁ প্ৰাক্তন কংগ্ৰেছী মানবেন্দ্ৰ শৰ্মাৰ হত্যাৰ গোচৰত অভিযুক্ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্বশৰ্মা আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ নেতা সৌৰভ বৰাৰ হত্যাৰ গোচৰত অভিযুক্ত সৰ্বানন্দ সোণোৱালে বৰ্তমান কেন্দ্ৰীয় মন্ত্ৰী হৈ আছে বুলি মন্তব্য প্ৰকাশ কৰে ৷ তদুপৰি বিজেপি চৰকাৰৰ দিনত মূল্যবৃদ্ধিয়ে দেশৰ দৰিদ্ৰ জনতাক কোঙা কৰাৰ কথা উল্লেখ এইখন চৰকাৰ উৎখাত নকৰিলে দেশৰ সাধাৰণ ৰাইজৰ অৱস্থা তথৈবচ হ’ব বুলিও কয় ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/e7d9658a-5b58-4462-9362-93925846a36e/165e11ed_2e70_422c_b8ac_b76a913d7aae.jpg)
সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰা ছট্টিশগড়ৰ বিধায়ক তথা সৰ্বভাৰতীয় কংগ্ৰেছৰ নেতা-অসম প্ৰদেশ কংগ্ৰেছৰ তত্ত্বাৱধায়ক বিকাশ উপাধ্যায়ে কয় যে বিজেপি ফাঁকিবাজৰ দল ৷ বেপাৰী বনিয়াৰ দল বিজেপি ৷ এই দল দীৰ্ঘদিন ধৰি শাসনত থাকিলে দেশৰ সকলো সম্পদকে বিক্ৰী কৰি শেষ কৰি দিব ৷ লগতে তেওঁ কয় যে বিজেপিয়ে ভাবিছে তেওঁলোকে চিৰদিন শাসনত থাকিব । সেয়া ভুল, অনন্ত কাললৈ কোনো চৰকাৰ নাথাকে ৷ অহা ২০২৪ ৰ লোকসভাৰ নিৰ্বাচনত ৰাইজে উত্তৰ দিব ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/28aecafc-ebe6-41f8-8532-96ed19da8a73/d271d239_7c2c_4a63_9c16_99dc83e8ff16.jpg)
আনহাতে সভাত অংশগ্ৰহণ কৰি প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰে কয় যে বতৰ্মান শাসনাধিষ্ঠিত বিজেপি চৰকাৰে গণতন্ত্ৰক হত্যা কৰিছে ৷ তেওঁলোকে গণতন্ত্ৰক বিশ্বাস নকৰে ৷ বিজেপি দলে দেশক হিন্দু ৰাষ্ট্ৰ বনাবলৈ আঁচনি তৈয়াৰ কৰিছে ৷ বিজেপিয়ে শাসনলৈ আহিয়েই দেশৰ সম্পদবোৰ বিক্ৰী কৰিছে ৷
আদানীক দেশৰ সম্পদ বিক্ৰী কৰাৰ ফলত আদানী এতিয়া বিশ্বৰ দ্বিতীয় স্থানৰ ধনী ব্যক্তিৰ তালিকাত স্থান লাভ কৰিছে ৷ চৰকাৰৰ বিৰুদ্ধে মাত মাতিলেই জেলত ভৰোৱা হৈছে বুলি উল্লেখ কৰি দেশৰ গণতন্ত্ৰ এতিয়া বিপদাপন্ন বুলি উল্লেখ কৰে ৷
বিৰোধী দলে এইবোৰ কথা সংসদত উত্থাপন কৰিলেই বিজেপি দলে হুলস্থূল লগাই আৰু উত্তৰ নিদিয়ে ৷ কংগ্ৰেছৰ প্ৰশ্ন লোকসভাৰ ৰেকৰ্ডৰ পৰাই নাইকিয়া কৰি দিয়া বুলিও অভিযোগ উত্থাপন কৰে প্ৰাক্তন মন্ত্ৰী ঘাটোৱাৰে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/b64913f5-a6ff-4089-9806-34483c88fd20/2216f1dc_d6a5_483d_81d9_a6ca1992a359.jpg)
ধেমাজি জিলা কংগ্ৰেছৰ সভাপতি মহেন্দ্ৰ বুঢ়াগোঁহাইৰ সঞ্চালনাত অনুষ্ঠিত সভাখন আঁত ধৰে জিলা কংগ্ৰেছৰ সম্পাদক অভয় বৰাই ।
সভাত প্ৰদেশ কংগ্ৰেছৰ সম্পাদক ভাস্কৰ দুৱৰা, মিগম পেগু, ডাঃ হেমহৰি প্ৰসন্ন পেগু, ধেমাজি নগৰ পালিকাৰ প্ৰাক্তন সভাপতি ভবিষ্য দিহিঙীয়া, চি পি আই এমৰ যদু হাজৰিকা, দেবেন গগৈ, অবিচি কোষৰ ৰা্জ্যিক সভাপতি অধিবক্তা যুগল বুঢ়াগোহাঁই, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক উৎপল গগৈয়ে শাসনাধিষ্ঠিত বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰব হৈ আগন্তুক নিৰ্বাচনৰ বাবে সকলোকে সাজু হ’বলৈ আহ্বান জনায় ৷ সভাৰ অন্তত সমবেত সকলোৱে হাতে হাতে বেনাৰ-প’ষ্টাৰ লৈ ধেমাজি নগৰত এক সমদল বাহিৰ কৰি বিজেপি চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷
Also Read: উৰিয়ামঘাটত বড়োসকলৰ বৈসাগু নৃত্য আৰু বাদ্য যন্ত্ৰৰ কৰ্মশালা আৰম্ভ...