একাংশ ব্যৱসায়ীৰ বেদখলত বাসুগাঁও চহৰৰ নৱনিৰ্মিত পদপথ

বিপদসংকুলভাৱে যাতায়াত পথচাৰীৰ
একাংশ ব্যৱসায়ীৰ বেদখলত বাসুগাঁও চহৰৰ নৱনিৰ্মিত পদপথ

ডিজিটেল সংবাদ,চিৰাং : বাসুগাঁও চহৰৰ মাজেদি উৰণীয়া সেতুৰ কাম চলি থকাৰ বাবে দৈনিক যান জটৰ সমস্যা এটা দৈনন্দিন ঘটনাত পৰিণত হৈছে। উৰণীয়াৰ সেতুৰ দুইকাষে যান-বাহন চলাচলৰ কাৰণে নতুনকৈ পথ নিৰ্মাণৰ কাম চলি আছে যদিও পথচোৱাৰ ব্যাসাৰ্ধ তুলনামূলকভাৱে কম হোৱা হেতুকে পথচোৱাদি গধুৰ যান বাহন অহা যোৱা কৰাৰ সময়ত সাধাৰণ পথচাৰীৰ চলাচলৰ বাবে যথেষ্ট অসুবিধাৰ সন্মুখীন হ'বলগীয়াত পৰে ।

এই পৰিস্থিতিৰ কাৰণে ইতিমধ্যেই বহু কেইটা পথ দুৰ্ঘটনা হৈ পথচাৰী আহত হোৱাৰ দৰে ঘটনাও সংঘটিত হৈছে । এনেধৰণৰ পথ দুৰ্ঘটনাৰ পৰা পথচাৰী সুৰক্ষিত ৰাখিবলৈ পথৰ দুয়োকাষে নলাৰ ওপৰত যথেষ্ট বহল পদপথ নিৰ্মাণ কৰিছে । কিন্তু পদপথসমূহ নিৰ্মাণ কৰা সময়ৰে পৰা স্থানীয় একাংশ ব্যবসায়ীয়ে বেআইনীভাৱে পদপথ দখল কৰি দোকানৰ বিভিন্ন সা-সামগ্ৰী সজাই ৰাখি ব্যবসায় চলাই আছে ।

যাৰ ফলত উক্ত পথসমূহ পথচাৰীসকলে ব্যৱহাৰ কৰিব নোৱাৰি বিপদসংকুলভাৱে যান জটৰ মাজেৰে চলাচল কৰিব লগা হৈছে । এই বে-আইনী কাৰ্য্যকলাপৰ বিৰুদ্ধে প্ৰশাসনৰ পৰা আজিলৈকে কোনো ব্যবস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই বুলি জানিবলৈ দিয়ে ।

উৰণীয়া সেতুৰ দুকাষে থকা পথছোৱাক সংযোগ কৰিবলৈ মাঝে মাঝে বিকল্প পথৰ ব্যবস্থা কৰা হৈছে যদিও সেই পথ কেইটাও সম্প্ৰতি মানুহৰ ব্যক্তিগত আৰু ব্যবসায়ী বাহন, ই-ৰিক্সাসমূহ বিসংগতিপূৰ্ণ ৰখাই থোৱাৰ বাবেও লঘু বাহন চালকসকলেও সমস্যাৰ সন্মুখীন হৈছে । এইক্ষেত্ৰত বাসুগাঁও পৌৰসভা বা আৰক্ষী ফালৰ পৰা কোনো ধৰনৰ ব্যবস্থা গ্ৰহণ নকৰাৰ বাবে ভুক্তভোগী ৰাইজ ক্ষোভিত হৈ পৰিছে ।

বাসুগাঁও চহৰত উৰণীয়া সেতুৰ নিৰ্মাণ কাৰ্য্য চলি থকাৰ বাবে যান জটৰ সমস্যাৰ মাজতে দ্বৈত ৰেলপথৰ কাৰণে সঘনাই ফাটক বন্ধ কৰাৰ কাৰণে প্ৰতিদিনে তীব্ৰ যানজটৰ সৃষ্টি হয় । সেই যানজটৰ পৰা ৰাইজক সহায় কৰিবলৈ আৰক্ষী থানাৰ পৰা কোনো ব্যবস্থাই গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে বাসুগাঁও চহৰৰ সচেতন মহলে। সাধাৰণ ৰাইজ তথা পথচাৰী সকলৰ অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি বাসুগাঁও পৌৰসভা আৰু আৰক্ষী প্ৰশাসনক এইক্ষেত্ৰত কাৰ্য্যকৰী হোৱাকৈ পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনায়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in