/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/03bf7729-30b7-4387-a489-0e422aeff45b/mur_mat_23.jpg)
আৰেয়াৰঝাৰৰ পাহাৰে কান্দিছে
ভ্ৰাম্যমাণ থিয়েটাৰৰ বলিষ্ঠ অভিনেতা প্ৰাণজিত দাসে জীৱনৰ ইতি পেলালে। অভিনয়ৰ মাজত জীয়াই থকা মানুহজন অভিনয়ৰ মাজতে ঢলি পৰিছিল মঞ্চত। তাৰ পিছত জীৱন, মৃত্যুৰে যুঁজ কৰি মেলানি মাগিলে। এইগৰাকী বলিষ্ঠ অভিনেতাৰ সন্দৰ্ভত বিশিষ্ট নাট্যকাৰ, সাংবাদিক ধ্ৰুৱজ্যোতি শৰ্মাৰ এই লেখা আজিৰ মোৰ মত শিতানত আগবঢ়োৱা হ'ল।
চাপৰৰ নিকটৱৰ্তী গাঁওখনৰ বাসিন্দাসকলৰ মাজত প্ৰবল দুখৰ বন্যা । তেওঁলোকে হেৰুৱালে গাঁৱৰ গৌৰৱস্বৰূপ এক মহান শিল্পী, নাম যাৰ প্ৰাণজিত দাস। চাপৰ মানে মহান অসমীয়া শৰৎ চন্দ্ৰ সিংহৰ কৰ্মভূমি - জন্মভূমি।
তাৰেই দাঁতি-কাষৰীয়া গাওঁ আৰেয়াৰঝাৰৰ ঘৰখনে ভ্ৰাম্যমাণ থিয়েটাৰৰ জনপ্ৰিয় অভিনেতা, পৰিচালক প্ৰাণজিত দাসৰ আচল ঘৰ । যদিও তেওঁ গুৱাহাটী- নিজৰাপাৰৰ ঘৰখনতে শিক্ষা-দীক্ষা গ্ৰহণ কৰি ডাঙৰ দীঘল হৈছিল, অভিনয়ৰ আদি পাঠ লৈছিল আৰু জীৱনযুদ্ধৰ পথ বাছি লৈছিল তথাপিতো আৰেয়াৰঝাৰৰ ঘৰখনৰ অকৃত্ৰিম মৰম কোনো কালে পাহৰা নাছিল ।
এই ঘৰতে জন্মিছিল শিল্পী গৰাকীৰ পিতৃ ৰমেশ চন্দ্ৰ দাস । পেছাত যি আছিল বনবিভাগৰ ৰেঞ্জাৰ । ৰেঞ্জাৰ চাকৰিত দিহিঙে-দিপাঙে ঘূৰি ফুৰোতে ককায়েক ৰণজিত দাস, প্ৰাণজিত দাসৰ জন্ম।
এই কথা আমাক জনালে গাঁওখনৰ সৰবৰহী, সামাজিক ব্যক্তি হেৰম্ব কলিতাই। এক বিশেষ কাৰ্যসূচী লৈ ভৈৰৱ পাহাৰৰ সমীপৱৰ্তী চাপৰত উপস্থিত হোৱাৰ পিছত হেৰম্ব কলিতাই পুনৰ কয় যে, আমাৰ গাঁৱত আজি সকলোৱে দুখ কৰিছে, অশ্ৰু অঞ্জলি যাচিছে দুৰন্ত শিল্পীগৰাকীৰ অকাল মৃত্যুত ।
আজি আকৌ এবাৰ সজল নয়নে স্মৰণ কৰিলে 'কহিনুৰ'ৰ 'মেকবেথ', 'হেমলেট', 'ভাগ্যদেৱী'ৰ 'মিলনমালা' , 'জ্বালামুখী', 'লাট চাহাবৰ লাজ', 'আৱাহন'ৰ 'দীনবন্ধু', 'শতাব্দী' , 'সমীৰণ বৰুৱা আহি আছে' আদি নাটকৰ অনবদ্য অভিনয়ৰ কথা।
আচলতে প্ৰাণজিত দাস আছিল জন্মগত প্ৰতিভা । আৰু বহুতো কৰিবলৈ বাকী আছিল ভ্ৰাম্যমাণ থিয়েটাৰৰ গৌৰৱময় মঞ্চত । তথাপি তেওঁ অভিনয় প্ৰতিভাৰ মাজেদি নাট্য সংস্কৃতিৰ নভোমণ্ডলত যি অনুপম স্বাক্ষৰ বহন কৰি থৈ গ'ল তাক লৈ গাঁৱৰ মানুহখিনি আপ্লুত, গৰ্বিত। আমিও গৌৰৱ বোধ কৰোঁ তেওঁৰ শক্তিশালী শিল্পকৰ্মক লৈ ।
ক্লিক কৰি পঢ়কঃ 'পাঠান' চলিব, 'ডাঃ বেজবৰুৱা' আহিবঃ 'অনুৰ' আৰু বাকীবোৰৰ কি হ'ব?