/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/194d1a80-c484-4cdc-a80d-112234f98016/tyyyytt.jpg)
ডিজিটেল সংবাদ,বেবেজীয়াঃ সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত নগাঁও জিলাৰ বেবেজীয়া জুৰীয়া নামঘৰৰ সমীপৰ অতি দৰিদ্ৰ পৰিয়ালৰ এজন ছাত্ৰই সুখ্যাতিৰে উত্তীৰ্ণ হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে। মেধাৱী এই ছাত্ৰ জনৰ নাম প্ৰশান্ত বৰা। বেবেজীয়া পণ্ডিত কনক শৰ্মা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা পাঁচটা বিষয়ত লেটাৰ মাৰ্ক পাই প্ৰথম বিভাগত উৰ্ত্তীণ হৈ বিদ্যালয় খনলৈ গৌৰৱ কঢ়িয়াই আনিছে।
উল্লেখ্য যে ছাত্ৰ জনৰ পিতৃ -মাতৃৰ ইতিমধ্যে মৃত্যু হৈছে। পিতৃ -মাতৃৰ অ-বৰ্তমানত আইতাক দিলিমাই বৰাই ছাত্ৰ জনক অতি কষ্টৰে পঢ়াই শুনাই ডাঙৰ-দীঘল কৰে। আইতাকৰ নেৰানপেৰা চেষ্টা আৰু প্ৰশান্তৰ কঠোৰ পৰিশ্ৰমে এই সফলতা আনি দিবলৈ সক্ষম হৈছে।অতি দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰজনৰ উচ্চ শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত এতিয়া সমস্যাৰ হৈছে।
সেয়ে প্ৰশান্তক কোনো সদাশয় লোকৰ সহায়ৰ প্ৰয়োজন । সেয়ে আইতাকে এইক্ষেত্ৰত সকলোৰে পৰা সহায়- সহযোগিতা বিচাৰিছে। স্থানীয় লোকেও ছাত্ৰ জনক উচ্চ শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত সদাশয় লোকৰ সহযোগিতা কামনা কৰিছে।
Also Read: হেলেমৰ ছহিদ মুকুন্দ কাকতি হাইস্কুল পৰীক্ষা কেন্দ্ৰৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ নিশিতা দেৱীৰ
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us