হেলেমৰ ছহিদ মুকুন্দ কাকতি হাইস্কুল পৰীক্ষা কেন্দ্ৰৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ নিশিতা দেৱীৰ

হেলেমৰ ছহিদ মুকুন্দ কাকতি হাইস্কুল পৰীক্ষা কেন্দ্ৰৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ নিশিতা দেৱীৰ

author-image
Asomiya Pratidin
New Update
হেলেমৰ ছহিদ মুকুন্দ কাকতি হাইস্কুল পৰীক্ষা কেন্দ্ৰৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ নিশিতা দেৱীৰ

ডিজিটেল সংবাদ, ছয়দুৱাৰ:- সোমবাৰে ঘোষিত হয় হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত। হেলেমৰ ছহিদ মুকুন্দ কাকতি হাইস্কুল পৰীক্ষা কেন্দ্ৰৰ ভিতৰত সৰ্বোচ্চ নম্বৰ(৯৫.৫%) লাভ কৰি কৃতিত্বৰ অধিকাৰী হৈছে বুৰৈঘাটৰ মেধাৱী ছাত্ৰী নিশিতা দেৱী।

Advertisment

অঞ্চলটোৰ টকৌবাৰীৰ গানুগাঁৱৰ জ্যোতি বিদ্যা মন্দিৰৰ ছাত্ৰী নিশিতা দেৱীয়ে ঘোষিত ফলাফলত ইংৰাজীত ৯৮,সাধাৰণ গণিতত ৯৮,সমাজ বিজ্ঞানত ৯৭,সাধাৰণ বিজ্ঞানত ৯৫,উচ্চ গণিতত ৯৭ আৰু অসমীয়া বিষয়ত ৮৮(মুঠ প্ৰাপ্ত নম্বৰ ৫৭৩) নম্বৰ লাভ কৰি জ্যোতি বিদ্যা মন্দিৰৰ নাম উজলাই তুলিবলৈ সক্ষম হৈছে। নিশিতা বুৰৈঘাট নিবাসী পৱন উপাধ্যায় আৰু চম্পা দেৱীৰ জীয়ৰী।

Also Read: জনজাতিকৰণ, ভূমি পট্টা প্ৰদান আদি দাবীৰে আছাৰ প্রতিবাদী কাৰ্যসূচী