/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/364d58e9-f861-4d11-83d9-3f5a41c0b9a8/319.jpg)
ডিজিটেল সংবাদ,দক্ষিণ শালমাৰা : দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ ৫খন ঘাটৰ লগতে চুবুৰীয়া ৰাজ্য মেঘালয়ৰ এখন ঘাটত মঙলবাৰে বিজয়া দশমীৰ দিনটোত উভয় ৰাজ্যৰ অৰ্ধশতাধিক দেৱীৰ প্ৰতিমা শান্তিপূৰ্ণভাৱে বিসৰ্জন দিয়া হয়। উল্লেখযোগ্য যে মানকাচৰৰ ৫খন ঘাটত ৪২ খন দেৱীৰ প্ৰতিমা আজি বিসৰ্জন দিয়া হয়।
একেদৰে জিলা অসম মেঘালয় সীমান্তৰ লালমাটি ঘাটত মুঠ ১১ খন প্ৰতিমা বিসৰ্জন দিয়া হয়। লালমাটি ঘাটত অসমৰ হাটশিঙিমাৰী এলেকাৰ ৪ খন দেৱীৰ প্ৰতিমা বিসৰ্জন দিয়াৰ লগতে মেঘালয়ৰ ৭ খন দেৱীৰ প্ৰতিমা বিসৰ্জন দিয়া হয় বুলি জানিবলৈ দিয়ে।
মেঘালয়ৰ লালমাটি ঘাটত শান্তি কমিটিৰ সহযোগত প্ৰতিমা কেইখন বিসৰ্জন দিয়া হয়। জিলাখনৰ লগতে অসম মেঘালয় সীমান্তৰ লালমাটিত উভয় ৰাজ্যৰ আৰক্ষী প্ৰশাসনৰ সহযোগত দেৱীৰ প্ৰতিমাসমূহ বিসৰ্জন দিয়া হয়।
Also Read: চিনাতলীত বিধিগত মন্ত্ৰৰে পূজাৰীয়ে দিলে দেৱী বিসৰ্জন
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
/asomiyapratidin/media/member_avatars/a-/AFdZucrahs0cQJtCvPJgez1pmKf-b8DYLM8QcmdGGzcV=s96-c.jpeg )
 Follow Us
 Follow Us