/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/c63ddb2e-066d-4457-a3e0-a4ef59eb0283/339.jpg)
ডিজিটেল সংবাদ,গোলাঘাট : আজি বিজয়া দশমী । ষষ্ঠীৰ বেদীত মা দুৰ্গাৰ প্ৰাণ প্ৰতিষ্ঠা কৰি দশমীৰ পুৱা পৰ্যন্ত পূজা অৰ্চনা কৰাৰ পিছত দুৰ্গা পূজাৰ বিসৰ্জন কৰা হয়।
পুৱাৰে পৰাই অপৰাজিতা পূজাৰ অন্তত পূজা থলীসমূহত মা দুৰ্গাৰ বিসৰ্জনৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে । চিনাতলী আঞ্চলিক দুৰ্গা পূজাতো পুৱাৰ পৰাই বিসৰ্জনৰ প্ৰক্ৰিয়া আৰম্ভ কৰি পূজাৰীয়ে বিধিগত মন্ত্ৰ আৰু নৈমিত্তিক পূজাৰে অপৰাজিতা পূজাৰ অন্তত দেৱী বিসৰ্জন সমাপন কৰে ।
দেৱীক প্ৰদক্ষিণ কৰি দেৱী দুৰ্গাৰ চৰণত সকলোৱে সেৱা লৈ পৰিয়ালৰ তথা ৰাইজৰ মঙ্গল কামনা কৰে । বিসৰ্জনৰ দিনটোত পূজাৰীৰ দ্বাৰা প্ৰদৰ্শিত আয়তীয়ে সকলোকে মোহিত কৰে ।
দশমীৰ দিনটোতো চিনাতলী আঞ্চলিক দুৰ্গাপূজাৰ দিনটোত ব্যাপক হাৰত ভক্তৰ সমাগম দেখিবলৈ পোৱা গ'ল । গোঁসানী নাম পৰিৱেশনেৰে চিনাতলী আঞ্চলিক দুৰ্গাপূজাৰ বিজয়া দশমীৰ পৰিৱেশত এক অনন্য মাত্ৰা প্ৰদান কৰে ।
আনহাতে উযদাপন সমিতিয়ে জনোৱা অনুসৰি বিয়লি প্ৰায় ২ বজাত প্ৰতিমা ভাসনৰ কাৰ্যসূচীৰ সম্পূৰ্ণ কৰা হয়। লগতে চিনাতলী আঞ্চলিক দুৰ্গা পূজা সমিতিয়ে ২৬ সংখ্যক দুৰ্গা পূজাৰ ষষ্ঠীৰ পৰা দশমী পৰ্যন্ত বিস্তৃত কাৰ্যসূচী সফলভাৱে ৰূপায়ণ কৰাত সহায় সহযোগিতা আগবঢ়োৱা বাবে সমূহ ৰাইজৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে।
Also Read: শিক্ষাবিদ ড° বীৰেন্দ্ৰনাথ দত্তৰ মৃত্যুত গুৱাহাটী বিশ্ববিদ্যালয়ৰ শোক প্ৰকাশ