মিজোৰামত বুজন পৰিমাণৰ বিদেশী সুৰা জব্দ : দুজনক গ্ৰেপ্তাৰ

মিজোৰামত বুজন পৰিমাণৰ বিদেশী সুৰা জব্দ : দুজনক গ্ৰেপ্তাৰ

author-image
Asomiya Pratidin
New Update
মিজোৰামত বুজন পৰিমাণৰ বিদেশী সুৰা জব্দ : দুজনক  গ্ৰেপ্তাৰ

ডিজিটেল সংবাদ,শিলচৰ : চুবুৰীয়া ৰাজ্য মিজোৰামত বুজন পৰিমাণৰ বিদেশী সুৰা জব্দ কৰা হৈছে। গোপন তথ্যৰ ভিত্তিত কাছাৰ সীমান্তৰ কলাছিব জিলাত অভিযান চলাই মিজো আৰক্ষীয়ে জব্দ কৰে সুৰাখিনি।

Advertisment

মিজো আৰক্ষীয়ে সদৰী কৰা মতে, কলাছিব জিলাৰ ফাইচেন আৰক্ষী চেকগেটত সুৰাৰ বিৰুদ্ধে এক বিশেষ অভিযান চলোৱাৰ সমযয়ত ১০০ কাৰ্টন হুইস্কি আৰু ২ কাৰ্টন বিয়েৰ জব্দ কৰা হয়। বিদেশী সুৰাখিনিৰ মূল্য প্ৰায় ডেৰ লাখ টকা।

শিলচৰৰ পৰা মিজোৰাম অভিমুখী এখন বলেৰ' পিক-আপ ভেনত তালাচী চলাই আৰক্ষীয়ে জব্দ কৰে সুৰাখিনি। মিজোৰামত নিষিদ্ধ সুৰা সৰবৰাহৰ অভিযোগত বলেৰ' বাহনখনৰ চালক শিলচৰৰ মুন্না খান আৰু সহযোগী কমল উদ্দিন লস্কৰক গ্ৰেপ্তাৰ কৰা হয়।

এই সংক্ৰান্তত ভাইৰেংটি থানাত মিজোৰামত সুৰা (নিষেধাজ্ঞা) আইনৰ অধীনত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।

Also Read: নিলম্বন কৰিলেও মই জাহাজৰ প্ৰতীকত নিৰ্বাচন খেলিমঃ দুলু আহমেদ

Assam police mizoram cachar