GMCH ৰ পৰা সন্ধানহীন ৰোগী, চিকিৎসালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে অভিযোগ পৰিয়ালৰ

GMCH ৰ পৰা সন্ধানহীন ৰোগী, চিকিৎসালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে অভিযোগ পৰিয়ালৰ

author-image
asomiyapratidin
New Update
GMCH ৰ পৰা সন্ধানহীন ৰোগী, চিকিৎসালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে অভিযোগ পৰিয়ালৰ

ডিজিটেল ডেস্ক: জি এম চি এইচৰ পৰা সন্ধানহীন এজন ৰোগী। ১ আগষ্টৰ পৰা ৰোগীজন ভৰ্তি হৈ আছিল চিকিৎসালয় খনত। সন্ধানহীন ৰোগীজনৰ নাম দিলীপ দাস বুলি জানিব পৰা গৈছে।

Advertisment

চিকিৎসালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে অভিযোগ দিলীপ দাসৰ পৰিয়ালৰ । ৩ আগষ্টত ৰোগীজন সন্ধানহীন হৈছিল জি এম চি এইচৰ পৰা । এই সন্দৰ্ভত ৰোগীৰ পৰিয়ালে ভঙাগড় থানাত ৰুজু কৰিছিল গোচৰ। কিন্তু এতিয়ালৈকে ৰোগী জনৰ কোনো তথ্য লাভ কৰা হোৱা নাই।

এই সমগ্র ঘটনাক লৈ জি এম চি এইচৰ অধ্যক্ষ ডাঃ অভিজিৎ শৰ্মাই কয় যে ১ আগষ্টত দেৰগাঁৱৰ ৰোগীজন ভৰ্তি হৈছিল। '৩ আগষ্টত তেওঁক ঘৰলৈ যাবলৈ দিয়াৰ কথা আছিল কিন্তু তাৰ পূৰ্বেই ৰোগীজন নিজেই ওলাই যায়।

উল্লেখ্য যে, ৰোগীজন সাধাৰণ ৰোগীৰ দৰেই চিকিৎসালয়ৰ পৰা ওলাই যায়। এই সমগ্ৰ ঘটনা বন্দী হৈছে চিচিটিভি কেমেৰাত। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

আৰু পঢ়ক: উৎকোচ লৈ গ্ৰেপ্তাৰ গুৰুপ্রসাদ খাটনিয়াৰ

assam gmch Assam police