কি কাৰণে নৱম শ্ৰেণীৰ ছাত্ৰই বাছি ল'লে চৰম সিদ্ধান্ত?

সোমবাৰে ভাড়া ঘৰত নিজৰ পঢ়া কোঠাত চিপ লৈ আত্মহত্যা কৰে ছাত্ৰজনে।

author-image
Asomiya Pratidin
New Update
কি কাৰণে নৱম শ্ৰেণীৰ ছাত্ৰই বাছি ল'লে চৰম সিদ্ধান্ত?

ডিজিটেল সংবাদ, বজালীঃ পাঠশালাত সংঘটিত হয় এক শোকাবহ ঘটনা। পুনৰ ছাত্ৰই কৰিলে আত্মহত্যা। সোমবাৰে ভাড়া ঘৰত নিজৰ পঢ়া কোঠাত চিপ লৈ আত্মহত্যা কৰে ছাত্ৰজনে।

Advertisment

ছাত্ৰ গৰাকী আনন্দৰাম বৰুৱা একাডেমীৰ নৱম মান শ্ৰেণীত অধ্যয়নৰত অৱস্থাত আছিল। ঘটনাৰ বিষয়ে অৱগত হোৱাৰ পাছতেই ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ দণ্ডাধীশৰ উপস্থিতিত মৃতদেহটো নমাইছিল।

মঙলবাৰে ফকৰুদ্দিন আলী আহমেদ হস্পাতালত ছাত্ৰ গৰাকীৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হ'ব। তাৰ পাছতহে পৰিয়ালৰ লোকক মৃতদেহ চমজাই দিব আৰক্ষীয়ে। বৰ্তমান পৰ্যন্ত ছাত্ৰ গৰাকীৰ আত্মহত্যাৰ কাৰণ জানিব পৰা হোৱা নাই। ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ আৰক্ষীৰ।

Also Read: সাঁতোৰ শিকাই থকা অৱস্থাতে পানীত ডুুবি মৃত্যু ভাতৃ-ভগ্নীৰ...

crime