/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/nm-1.jpg)
প্ৰতীকি ফটো
ডিজিটেল ডেস্কঃ গোলাঘাটত সংঘটিত হয় শোকাৱহ ঘটনা। পুখুৰীত পৰি মৃত্যু ভাতৃ-ভগ্নীৰ। সোমবাৰে গোলাঘাটৰ চোমনি গাঁৱত সংঘটিত হয় এই শোকাৱহ ঘটনাটো।
জানিব পৰা মতে ককায়েকে ভনীয়েকক সাঁতোৰ শিকাই থকা অৱস্থাতে এই ঘটনা সংঘটিত হয়। মৃতদ্বয় নিপু গগৈ (১৮), জোনালী গগৈ (১৫) বুলি চিনাক্ত হৈছে। গোলাঘাট SDRF বাহিনীয়ে পৰৱৰ্তী সময়ত উদ্ধাৰ কৰে মৃতদেহ দুটা।
এই ঘটনাক লৈ সমগ্ৰ অঞ্চলটোত চাঞ্চল্যই বিৰাজ কৰিছে। একেটা পৰিয়ালৰ দুই সন্তানৰ মৃত্যুক লৈ শোকত ভাগি পৰিছে পৰিয়ালৰ লগতে অঞ্চলবাসী।
Also Read: কুৱা খান্দি থকা অৱস্থাত মাটি খহি পৰিল শ্ৰমিকৰ ওপৰত, ৮ ঘন্টা পাছত মৃতদেহ উদ্ধাৰ