অসম সৌৰভ কৃষ্ণ ৰয়লৈ "পাঠশালা বঁটা" পাঠশালা ৰঙালী বিহু সমিতিৰ

পাঠশালা আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা সমূহ কাৰ্যসূচীত ৰাইজৰ সহায় সহযোগিতা তথা উপস্থিতি শ্ৰদ্ধাৰে কামনা কৰিছে
অসম সৌৰভ কৃষ্ণ ৰয়লৈ "পাঠশালা বঁটা" পাঠশালা ৰঙালী বিহু সমিতিৰ

ডিজিটেল সংবাদ,পাঠশালাঃ কলা আৰু সংস্কৃতিৰ ক্ষেত্ৰলৈ আগবঢ়োৱা বিশেষ বৰঙণিৰ বাবে ভ্ৰাম্যমাণ থিয়েটাৰৰ জন্মস্থান পাঠশালাস্থিত আৱাহন থিয়েটাৰৰ প্ৰযোজক ভ্ৰাম্যমাণৰ অন্যতম পথ প্ৰদৰ্শক কৃষ্ণ ৰয়লৈ আগবঢ়োৱা হ'ব ২০২৩ বৰ্ষৰ "পাঠশালা বঁটা" । অহা ১ ব'হাগত পাঠশালা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হ'বলগীয়া মকুলি বিহু আৰু বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠানত আনুষ্ঠানিকভাবে এই বঁটা প্ৰদান কৰা হ'ব ।

শুকুৰবাৰে এক প্ৰেছ বিবৃতিযোগে এই কথা জানিবলৈ দিয়ে পাঠশালা আঞ্চলিক ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি ধৃতিৰাজ তালুকদাৰ আৰু সাধাৰণ সম্পাদক অংকুৰ মেধিয়ে। ইয়াৰোপৰি এইবেলি অনুষ্ঠিত হ'ব লগা একাদশ সংখ্যক মুকলি বিহু অনুষ্ঠানত ক্ষেত্ৰভিত্তিক বৰেণ্য বিভিন্ন ব্যক্তিলৈ সশ্ৰদ্ধ সম্বৰ্ধনা জ্ঞাপন কৰা হ'ব।

পাঠশালাৰ মুগুৰীয়া কায়স্থ বুঢ়া সভাক্ষেত্ৰত অনুষ্ঠিত হ'ব লগা ৰঙালী বিহুত সম্পূৰ্ণ ৰীতি নীতিৰ মাজেৰে অনুষ্ঠিত কৰা মুকলি বিহুত কেবাটাও বিহু দল,জনগোষ্ঠীয় দল , বিহু হুঁচৰি দল,ফ'ক এচ্ত্ৰা বজালী ইত্যাদি দলে অনুষ্ঠান পৰিবেশন কৰিব । পাঠশালা আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা সমূহ কাৰ্যসূচীত ৰাইজৰ সহায় সহযোগিতা তথা উপস্থিতি শ্ৰদ্ধাৰে কামনা কৰিছে।

অসম সৌৰভ কৃষ্ণ ৰয়লৈ "পাঠশালা বঁটা" পাঠশালা ৰঙালী বিহু সমিতিৰ
ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে সহজ জয় লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in