চাঞ্চল্যকৰ ডকাইতি: প্ৰাক্তন বিধায়ক সহ পত্নী, বোৱাৰী আই চি ইউত

ডকাইতৰ আক্ৰমনত গুৰুত্বৰ ভাৱে আহত প্ৰাক্তন বিধায়ক মোবাৰক আলি পাঠান ৷ পাঠান বৰ্তমান সংকট জনক অৱস্থাত চিকিৎসাধীন নগাঁৱৰ ধিঙ গেইটৰ এখন চিকিৎসালয়ত ৷
agrani khabar
agrani khabar

ডিজিটেল সংবাদ,নগাঁও : ডকাইতৰ আক্ৰমনত গুৰুত্বৰ ভাৱে আহত প্ৰাক্তন বিধায়ক মোবাৰক আলি পাঠান ৷ পাঠান বৰ্তমান সংকট জনক অৱস্থাত চিকিৎসাধীন নগাঁৱৰ ধিঙ গেইটৰ এখন চিকিৎসালয়ত ৷ প্ৰাক্তন বিধায়কজনৰ লগতে পত্নী ৱাহিদা বেগম আৰু বোৱাৰী ৰাফিদা বেগমো চিকিৎসাধীন ৷ তিনিওজনকে অচেতন অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা পিছত চিকিৎসালয়ৰ আই চি ইউত ৰখা হৈছে ৷

জানিব পৰা মতে সোমবাৰে নিশা ধিঙৰ খৈৰামাৰীৰ পাঠানৰ বাসগৃহত এটি সশস্ত্ৰ ডকাইতৰ দলে প্ৰৱেশ কৰি প্ৰাক্তন বিধায়ক জনৰ লগতে পত্নী , বোৱাৰীয়েকক মাৰধৰ কৰে ৷ অত্যাধিক মাৰপিট কৰাত তিনিওজন ঘৰৰ ভিতৰতে অচেতন হৈ পৰে ৷ পিছত দলটোয়ে মাটিৰ নথি পত্ৰকে ধৰি সোনৰ আ অলংকাৰ লুট কৰি নিয়ে যদিও তিনিওজনৰে অৱস্থা গুৰুত্ব হোৱাৰ বাবে আৰক্ষীয়ে প্ৰকৃততে ডকাইতে কি কি লুটি নিলে সেই কথা জানিব পৰা নাই ৷

মঙ্গলবাৰে পুৱা স্থানীয় লোকে ঘটনাটো জানিব পাৰি আৰক্ষীক খবৰ দিয়াৰ লগতে তিনিজনকে চিকিৎসালয়ত ভৰ্তি কৰে ৷ এই ঘটনাক লৈ ধিঙত চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ পাঠান ধিঙৰ পৰা এ আই ইউ ডি এফ টিকতৰে বিধায়ক হৈছিল ৷

আৰু পঢ়ক: গাঁও এখনেই, আছে দুখন দেশত

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in