সপোন পূৰণ কৰিলে বিতোপনে! মৃত প্ৰেমিকাৰ কপালত আঁকিলে সেন্দুুৰৰ ফোট

প্ৰেম স্বাশ্বত, প্ৰেমৰ নাই কোনো সংজ্ঞা। কিন্তু কিছুমানে কামেৰে দেখুৱাই যায় প্ৰেমৰ অনন্য নিদৰ্শন।

author-image
Asomiya Pratidin
New Update
সপোন পূৰণ কৰিলে বিতোপনে! মৃত প্ৰেমিকাৰ কপালত আঁকিলে সেন্দুুৰৰ ফোট

ডিজিটেল ডেস্ক: প্ৰেম স্বাশ্বত, প্ৰেমৰ নাই কোনো সংজ্ঞা। কিন্তু কিছুমানে কামেৰে দেখুৱাই যায় প্ৰেমৰ অনন্য নিদৰ্শন। সেয়া লাগিতে প্ৰেমিক নীলপৱন বৰুৱায়ে হওক অথবা বিতোপন তামুলী।

Advertisment

প্ৰেম কিমান গভীৰ হ'লে প্ৰেমিকাৰ মৃতদেহক বিবাহপাশত আৱদ্ধ কৰি অন্তিম বিদায় জনাব পাৰে প্ৰেমিকে। এইয়া সঁচা বাস্তৱ ঘটনা।

শুকুৰবাৰে ৰহাৰ চাপৰমুখ কচুৱাৰ প্ৰাৰ্থনা বৰা নামৰ এগৰাকী যুৱতীয়ে এক জটিল ৰোগত আক্ৰান্ত হৈ অকালতে সাবতি লয় মৃত্যুক।

প্ৰাৰ্থনাৰ মৃতদেহৰ কাষত প্ৰেমিক বিতোপনক দেখা গ'ল এক অন্য ৰূপত। প্ৰাৰ্থনাৰ লগত দেখা সপোন পূৰণ কৰিলে বিতোপনে। জীৱিক কালত তেওঁলোকে বিবাহ পাশত আৱদ্ধ হ'ব নোৱাৰিলে।

কিন্তু এই সপোন পূৰণ কৰি প্ৰেমৰ অন্য এক সংজ্ঞা দিলে বিতোপনে। মৃত প্ৰেমিকাৰ ঘৰত উপস্থিত হৈ প্ৰেমিকাৰ মৃতদেহৰ কপালত ৰঙা সেন্দুৰ বুলাই দিয়ে প্ৰেমিক বিতুপন তামুলীয়ে। লগতে যুৱতী গৰাকীৰ মৃতদেহত মালা পিন্ধোনাৰ লগতে নিজেও মালা পিন্ধি লয় বিতোপনে।

এই দৃশ্যই চকু সেমেকাই তুলিছে সকলোৰে। এফালে যদি আফতাবৰ নিচিনা দানৱ আছে তেন্তে বিতোপনৰ দৰে প্ৰেমিকো আছে। প্ৰেম এনেকুৱাই।

আৰু পঢ়ক: ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ সোণালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভ ৰাজ্যপাল জগদীশ মুখীৰ

assam raha lover