ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ সোণালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভ ৰাজ্যপাল জগদীশ মুখীৰ

উত্তৰ-পূৰ্বাঞ্চলত কৰ্কট ৰোগৰ চিকিৎসাৰ বাটকটীয়া এই প্ৰতিষ্ঠানটোৰ সোণালী বৰ্ষৰ শুভাৰম্ভ কৰে ৰাজ্যপাল জগদীশ মুখীয়ে।
ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ সোণালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভ
ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ সোণালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভ

ডিজিটেল ডেস্ক: শুকুৰবাৰে শুভাৰম্ভ কৰা হয় গুৱাহাটীস্থিত ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ সোণালী জয়ন্তী বৰ্ষৰ কাৰ্যসূচীৰ। উত্তৰ-পূৰ্বাঞ্চলত কৰ্কট ৰোগৰ চিকিৎসাৰ বাটকটীয়া এই প্ৰতিষ্ঠানটোৰ সোণালী বৰ্ষৰ শুভাৰম্ভ কৰে ৰাজ্যপাল জগদীশ মুখীয়ে।

ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ সোণালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভ
ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ সোণালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভUser

কৰ্কট ৰোগৰ চিকিৎসাৰে দেশৰ মানচিত্ৰত অসমক উজলোৱা এই চিকিৎসা প্ৰতিষ্ঠানৰ কাম কাজক ভূষসী প্ৰশংসা কৰে ৰাজ্যপাল জগদীশ মুখীয়ে। ৰাজ্যপাল গৰাকীয়ে আনন্দ প্ৰকাশ কৰে যে প্ৰতিষ্ঠানটোৱে কেন্সাৰৰ চিকিৎসা আৰু ইয়াৰ প্ৰত্যাহ্বানৰ মোকাবিলা কৰাৰ বাবে সকলো ফালৰ পৰা সাজু হৈ উঠিছে।

ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ সোণালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভ
ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ সোণালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভUser

ৰাজ্যপাল মুখীয়ে কয় যে, ''দক্ষিণ-পূৱ এছিয়াত আৰম্ভ হোৱা দ্ৰুত নগৰীকৰণ আৰু পৰিৱৰ্তিত জীৱনশৈলীয়ে কেন্সাৰৰ দৰে ৰোগৰ বোজা বৃদ্ধি কৰিছে। দক্ষিণ-পূৱ এছিয়াৰ প্ৰৱেশদ্বাৰ হিচাপে গুৱাহাটীত কৰ্কটৰ প্ৰাদুৰ্ভৱ বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে। এই সকলো দিশৰ প্ৰতি লক্ষ্য কৰি গুৱাহাটীত কেন্সাৰৰ চিকিৎসাৰ বাবে সবল আন্তগাঠনি সাজু কৰাৰ প্ৰয়োজন আহি পৰিছে। ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানে নতুন প্ৰযুক্তি আৰু বিশ্বমানৰ চিকিৎসা পদ্ধতিৰে এই ক্ষেত্ৰত আগৰণুৱা হ'ব লাগিব''।

ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ সোণালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভ
ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ সোণালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভUser

চিকিৎসক, গৱেষক আৰু স্বাস্থ্য কৰ্মী সকলে প্ৰতিষ্ঠানটোলৈ আগবঢ়োৱা অৱদানৰ প্ৰশংসা কৰি কয় যে ৰাজ্যখনত বছৰি ৩৪ হাজাৰ লোক কেন্সাৰত আক্ৰান্ত হয়। কিন্তু সজাগতাৰ অভাৱ, দৰিদ্ৰতা বা বিভিন্ন কাৰণত একাংশই শেষ পৰ্যায়ত চিকিৎসকৰ কাষ চাপে।গতিকে এই ৰোগৰ আৰাম্ভণিতে যাতে চিনাক্ত কৰিব পাৰি তাৰ বাবে সজাগতাৰ সৃষ্টি কৰিব লাগে বুলিও কয় ৰাজ্যপাল গৰাকীয়ে।

ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ সোণালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভ
ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ সোণালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভUser

তদুপৰি প্ৰতিষ্ঠানটোত বিভিন্ন পাঠ্যক্ৰম আৰম্ভ কৰাৰ বাবেও আহ্বান জনাই ৰাজ্যপাল গৰাকীয়ে। লগতে ভাষণ প্ৰসংগত ৰাজ্যপাল গৰাকীয়ে প্ৰতিষ্ঠানটোত আগবঢ়োৱা লোকসকলকো স্মৰণ কৰে।

ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ সোণালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভ
ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ সোণালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভUser

ইয়াৰ উপৰিও এই প্ৰতিষ্ঠানটোৰ সোণালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভণী অনুষ্ঠানত উপস্থিত মুম্বাইৰ টাটা মেমৰিয়েল চেন্টাৰৰ উপ-সঞ্চালক ডাঃ সিদ্ধাৰ্থ লস্কৰ, নৰ্থ ইষ্টাৰ্ণ কাউন্সিলৰ কে মোজেজ চালাইকে ধৰি বহু কেইগৰাকী গণ্য মান্য ব্যক্তি।

আৰু পঢ়ক: হাটশিঙিমাৰীত লাচিত দিৱস উপলক্ষে আৰক্ষী-জনতা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in