/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/ea6b75a3-96fc-42d0-8a64-2ed68bf9cdbf/400.jpg)
ডিজিটেল ডেস্ক : আৰক্ষী বিষয়া পাৰ্থ সাৰথি মহন্তক শনিবাৰে পূৰ্বৰ ডি আই জি পদবীৰ পৰা আই জি পি পদলৈ পদোন্নতি কৰা হৈছে। অসম চৰকাৰৰ গৃহ বিভাগৰ এক চৰকাৰী নিৰ্দেশনাযোগে তেওঁৰ পদোন্নতিৰ বিষয়ে অৱগত কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/b3689fc0-a8ef-43ad-970d-9de4fb21020c/pratidintime_2024_03_aa29b40a_a6e9_4ab9_a9cc_b32d1b4b0cb7_officiating_in_the_rank_of_igp_partha_sara.avif)
নিৰ্দেশনাত উল্লেখ কৰে যে,পাৰ্থ সাৰথি মহন্তক ১ জানুৱাৰী ২৪ৰ পৰা আৰক্ষী মহাপৰিদৰ্শক পদত কাৰ্যনিৰ্বাহ কৰাৰ বাবে অনুমতি দিয়া হৈছে। লগতে তেওঁৰ পদোন্নতিৰ ফলত দৰমহা পে মেট্ৰিক্সৰ লেভেল-১৩-এত অৱ্যাহত থাকিব। পদোন্নতিৰ সমান্তৰালকৈ মহন্তই এছ টি এফৰ মহাপৰিদৰ্শকৰ অতিৰিক্ত দায়িত্বও দিয়া হৈছে।
Also Read: বাসুগাঁৱত শিশু নিৰ্যাতন কাণ্ডৰে অভিযুক্তক গ্ৰেপ্তাৰ