বাসুগাঁৱত শিশু নিৰ্যাতন কাণ্ডৰে অভিযুক্তক গ্ৰেপ্তাৰ

বাসুগাঁৱত শিশু নিৰ্যাতন কাণ্ডৰে অভিযুক্তক গ্ৰেপ্তাৰ

ডিজিটেল সংবাদ,চিৰাং : এগৰাকী ৬ বছৰীয়া শিশুকন্যাক যৌন আতিশায্য চলোৱাৰ অভিযোগত অভিযুক্ত বাসুগাঁও চহৰৰ প্ৰতিষ্ঠিত বস্ত্ৰ ব্যৱসায়ী বাবুল দাসক শনিবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । আৰক্ষীৰ সূত্ৰই জানিবলৈ দিয়া বাসুগাঁও চহৰৰ হস্ততাঁত বস্ত্ৰৰ প্ৰতিষ্ঠিত ব্যৱসায়ী প্ৰতিষ্ঠান এ কে হেণ্ডলুমৰ স্বত্বাধিকাৰী বাবুল দাস (৫০)এ চলিত বৰ্ষৰ ১১জানুৱাৰী বৃহস্পতিবাৰ বাসুগাঁও চহৰৰ সাপ্তাহিক বন্ধৰ সুযোগ গ্ৰহণ কৰি ৬বছৰীয়া কণমানি এজনীক ফুচুলাই মাতি আনি নিজৰ ব্যৱসায়ী প্ৰতিষ্ঠানত সুমুৱাই লৈ দুষ্কাৰ্য সংঘটিত কৰা অপচেষ্টা কৰিছিল।

কিন্তু সৌভাগ্য ক্ৰমে কনমানি কন্যাজনীয়ে বিকৃত মানসিকতাৰ বাবুল দাসৰ অস্বাভাৱিক আচৰণ দেখি বাবুল দাসৰ হাতত কামুৰি দি দোকানৰ পৰা দৌৰি গৈ পিতৃ মাতৃৰ আগত কান্দি কান্দি বাবুল দাসৰ সকলো কুকৃৰ্তিৰ কথা বিৱৰি কয় । অকলে এদিনে নহয় ইয়াৰ আগতে আৰু দুদিন বাবুল দাসৰ ঘৰত মাতি কনমানিজনীক আতিশায্য চলাইছিল বুলি জানিবলৈ দিয়ে ।

উল্লেখ্য যে, ঘটনাৰ পিছত কণমানিজনীৰ পিতৃ-মাতৃয়ে বাসুগাঁও আৰক্ষী থানাত অৱগত কৰিছিল । বাসুগাঁও থানাৰ আৰক্ষীয়ে অভিযুক্ত বাবুল দাসক বিচাৰি যোৱাৰ আগতেই বাবুল দাসে পলায়ন কৰে ।

প্ৰায় দুমাহ ধৰি অসমৰ বিভিন্ন স্থানত আত্মগোপন কৰি থাকি সমাজত বুৎপত্তি থকা লোকৰ হতুৱাই তেওঁৰ কুকৃৰ্তিসমূহ লুকঢাক দিয়াৰ অপচেষ্টা চলাইছিল আৰু কিছু পৰিমানে সফলো হৈছিল। কিন্তু উক্ত ঘটনাৰ পিছৰে পৰা আতংকিত হৈ পৰি কণমানিজনী অকলে ঘৰৰ পৰা বাহিৰত ওলাই আহিবলৈ ভয় কৰে, টোপনিত যোৱাৰ পিছত আতংকৰ চিঞৰ মাৰি বিছনাত বহি দিয়ে ।

এইবোৰ দৃশ্য দেখি ভুক্তভোগী কনমানিজনীৰ পিতৃ মাতৃয়ে সকলো ধৰণৰ বাধা বিপত্তি আওকাণ কৰি পাষণ্ড বাবুল দাসৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ আৰক্ষীৰ কাষ চাপে। আৰক্ষীয়ে পলাতক বাবুল দাসৰ অনুসন্ধান কৰি আছিল যদিও কোনো শুংসূত্ৰ উলিয়াব পৰা নাছিল ।

কিন্তু শনিবাৰে এক গোপন সূত্ৰৰ পোম খেদি অভিযান চলাই ইমানদিনে পলাতক হৈ থকা বাবুল দাসক তেওঁৰ নিজৰ ব্যৱসায়ী প্ৰতিষ্ঠান এ কে, হেণ্ডলুমৰ ভিতৰত লুকাই থকা বাসুগাঁও থানাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি থানাত লৈ যায় । আজি ভুক্তভোগী কণমানি জনীৰ পিতৃ-মাতৃয়ে বাসুগাঁও আৰক্ষী থানাত নতুনকৈ পুনৰ এজাহাৰ দাখিল কৰে ।

এজাহাৰৰ ভিত্তিত বাসুগাঁও থানাৰ আৰক্ষীয়ে ৪/২৪ নং গোচৰ পঞ্জীয়ন কৰি যৌন অপৰাধৰ পৰা শিশুক সুৰক্ষা দিয়া আইন (POCSO) ৰ অধীনত অভিযুক্ত বাবুল দাসক গ্ৰেপ্তাৰ কৰি কাজলগাঁৱৰ সত্ৰ ন্যায়াধীশ আদালতত হাজিৰ কৰে আৰু তদন্তৰ খাতিৰত দুদিনৰ বাবে আৰক্ষীৰ জিম্মাত লৈছে । লক্ষ্যণীয় বিষয় যে, বিকৃত মানসিকতাৰ বাবুল দাসৰ বিৰুদ্ধে ইয়াৰ আগতেও অন্য তিনি গৰাকী নাবালিকা কিশোৰীৰ সৈতে যৌন আতিশায্য চলোৱাৰ অভিযোগ উত্থাপন হৈছিল।

কিন্তু তেতিয়া পৰিয়ালৰ লোক তথা নিকটাত্মীয়সকলে বাবুল দাসৰ কুকৃৰ্তি সমূহ লুকাই ৰাখি তেওঁৰ চাৰিত্ৰিক দোষ বিলাক পৰিবৰ্তন কৰিবলৈ সুযোগ দিছিল। কিন্তু বিকৃতি মানসিকতাৰ বাবুল দাসৰ কোনো চাৰিত্ৰিক পৰিবৰ্তন কৰা নাছিল ।

যাৰ কাৰণেই আজি শেষ ৰক্ষা নহ'ল আৰু পোকচ' আইনৰ অধীনত গ্ৰেপ্তাৰ হয় । বাবুল দাসৰ এই সমগ্ৰ বিষয়টো লৈ সদৌ বিটিআৰ বেঙ্গলী যুৱ-ছাত্ৰ ফেডাৰেচনৰ সাধাৰণ সম্পাদক শুভ মজুমদাৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে, এনেধৰণৰ বিকৃতি মানসিকতাৰ লোকজনক আজীৱন জেলত ভৰাই থ'ব লাগে । কাৰণ এনেধৰণৰ মানসিকতাৰ লোকসকল মুকলি আকাশৰ তলত থাকিলে নিজৰ শিশু কন্যাসকলৰ সুৰক্ষাক লৈ অভিভাৱকসকল শংকাৰ মাজত দিন অতিবাহিত কৰিব লাগিব । সেয়ে আৰক্ষী প্ৰশাসনে উপযুক্ত আইন আৰু ধাৰা প্ৰয়োগ কৰি বাবুল দাসক আজীৱন কাৰাবাস ব্যবস্থা কৰাৰ দাবী উত্থাপন কৰে ।

বাসুগাঁৱত শিশু নিৰ্যাতন কাণ্ডৰে অভিযুক্তক গ্ৰেপ্তাৰ
বিজেপিয়ে নাজানে অসমৰ সমষ্টিৰ নামঃ বিলুপ্ত হোৱা সমষ্টিত দিলে প্ৰাৰ্থী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in