বিৰাটৰ প্ৰসংগত মুখ্য প্ৰশিক্ষক ৰাহুলে খুলিলে মুখঃ ক'লে কোহলিৰ স্থান পূৰণ কৰাটো অসম্ভৱ...

বিৰাটৰ প্ৰসংগত মুখ্য প্ৰশিক্ষক ৰাহুলে খুলিলে মুখঃ ক'লে কোহলিৰ স্থান পূৰণ কৰাটো অসম্ভৱ...
বিৰাটৰ প্ৰসংগত মুখ্য প্ৰশিক্ষক ৰাহুলে খুলিলে মুখঃ ক'লে কোহলিৰ স্থান পূৰণ কৰাটো অসম্ভৱ...

ডিজিটেল ডেস্কঃ ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথম দুখন টেষ্ট নেখেলে বিৰাট কোহলি। নিৰ্বাচকে তেওঁৰ নাম টেষ্ট দলটোত অন্তৰ্ভুক্ত কৰাৰ পাছতো তেওঁ নিজৰ নাম প্ৰত্যাহাৰ কৰিছে। এই বিষয়টোক লৈ দেশৰ ক্ৰিকেট অনুৰাগীসকলৰ মাজত ব্যাপক চৰ্চা চলি থকাৰ মাজতে এই সন্দৰ্ভত মুখ খুলিছে ভাৰতীয় দলটোৰ মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ে। তেওঁৰ কয়, কোহলিৰ স্থান পূৰণ কৰাটো সম্ভৱ নহয়। তাৰ পাছতো অৱশ্যে কোহলি অবিহনে ভাৰতীয় দলটোৱে সুন্দৰ প্ৰদৰ্শন কৰিব পাৰিব বুলি তেওঁ আশাবাদী।

দ্ৰাবিড়ৰ মতে, কোহলিৰ অনুপস্থিতিত অন্যান্য বেটছমেনসকলে নিজক তুলি ধৰাৰ এক সুযোগ লাভ কৰিব। তেওঁ কয়, যিকোনো দলেই বিৰাট কোহলিৰ দৰে বেটছমেনৰ অভাৱ অনুভৱ কৰিব। ইয়াক লৈ কোনো সন্দেহ নাই। কোহলি এগৰাকী অসাধাৰণ ক্ৰিকেটাৰ। সেয়া তেওঁৰ ৰেকৰ্ডৰ পৰিসংখ্যাই কয়। দলত তেওঁৰ প্ৰভাৱ প্ৰচুৰ। এই দিশটোক মূৰত ৰাখিও কওঁ, বাকী ক্ৰিকেটাৰসকলে নিজকে তুলি ধৰাৰ সুযোগ দিছে। তেওঁলোকে ভাল খেলিব লাগিব।

তেওঁ পুনৰ কয়, দলটোত অভিজ্ঞতা আছে। ৰোহিত, ৰাহুল, অশ্বিন, জাডেজাই এটা দশকৰো অধিক সময় টেষ্ট খেলিছে। শুভমণ গিল আৰু শ্ৰেয়াছ আয়াৰৰ দৰে ক্ৰিকেটাৰ আছে। তেওঁলোকক তৰুণ খেলুৱৈ বুলি ক'ব নোৱাৰি। বহুদিন ধৰি তেওঁলোকে টেষ্ট দলটোৰ সৈতে ৰৈছে। এইবাৰ তেওঁলোকে নিজকে দাঙি ধৰাৰ আন এক সুযোগ লাভ কৰিছে।

বিৰাটৰ প্ৰসংগত মুখ্য প্ৰশিক্ষক ৰাহুলে খুলিলে মুখঃ ক'লে কোহলিৰ স্থান পূৰণ কৰাটো অসম্ভৱ...
কোনে কোনে পাব অস্কাৰঃ একাডেমী অৱ মোচন পিকচাৰ আৰ্টছ এণ্ড চায়েন্সে মুকলি কৰিলে মনোনয়ন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in