এখন অসমীয়া মাধ্যমৰ বিদ্যালয়ত নাম ভৰ্তিৰ বাবে অভিভাৱকৰ উজাগৰী নিশা

শিৱসাগৰৰ এইখন চৰকাৰী প্ৰাথমিক বিদ্যালয়ত নামভৰ্ত্তিৰ প্ৰ-পত্ৰৰ বাবে দীঘলীয়া শাৰী আৰম্ভ হৈছে

author-image
Asomiya Pratidin
New Update
এখন অসমীয়া মাধ্যমৰ বিদ্যালয়ত নাম ভৰ্তিৰ বাবে অভিভাৱকৰ উজাগৰী নিশা

ডিজিটেল সংবাদ,শিৱসাগৰ : শিক্ষাৰ্থীৰ অভাৱত ৰাজ্যৰ কেইবা সহস্ৰাধিক চৰকাৰী বিদ্যালয়ত তলা ওলমিছে ৷ শিৱসাগৰটো ইতিপূৰ্বে ৫০ খন বিদ্যালয় বন্ধ কৰা হৈছে ৷ কিন্ত এনে এক সময়তেই শিৱসাগৰত আশাৰ বতৰা কঢ়িয়াই আনিছে এখন চৰকাৰী মাধ্যমৰ প্ৰাথমিক বিদ্যালয়ে ৷

Advertisment

শিৱসাগৰৰ এইখন চৰকাৰী প্ৰাথমিক বিদ্যালয়ত নামভৰ্ত্তিৰ প্ৰ-পত্ৰৰ বাবে দীঘলীয়া শাৰী আৰম্ভ হৈছে ৷ অহা সোমবাৰে প্ৰদান কৰিবলগীয়া নামভৰ্ত্তিৰ প্র পত্ৰৰ বাবে শনিবাৰৰ পৰাই বিদ্যালয়ৰখনৰ সন্মুখৰ পদ পথত অভিভাৱকে উজাগৰী নিশা পাৰ কৰি অহা বিদ্যালয়খন ৰাজ্যৰ আন হাজাৰ হাজাৰ প্ৰাথমিক বিদ্যালয়ৰ মাজৰে এখন ৷

স্মৰ্তব্য যে, যি সময়ত ৰাজ্যৰ বহু সংখ্যক চৰকাৰী বিদ্যালয় এক মাত্ৰ ছাত্ৰ ছাত্ৰীৰ অভাৱত বন্ধ হোৱাৰ উপক্ৰম ঘটিছে সেই সময়তেই ৰাজ্যৰ চৰকাৰী মাধ্যমৰ বিদ্যালয় সমূহৰ প্ৰতি অভিভাৱক সমাজে দেখুওৱা আস্থাই সৰ্বত্ৰ চৰ্চাৰ বিষয় হৈ পৰিছে ৷ বিগত প্ৰায় ৮টা বছৰ ধৰি নিজৰ জনপ্ৰিয়তা ধৰি ৰখাৰ লগতে হাজাৰ হাজাৰ অভিভাৱকে বিচৰাৰ ধৰণেই শিক্ষাৰ্থীক সকলো দিশৰ পৰাই আগুৱাই নিবলৈ সক্ষম হোৱা বিদ্যালয়খনৰ নাম হৈছে লক্ষ্মীনাথ বেজবৰুৱা শিশু ভৱন প্ৰাথমিক বিদ্যালয় ৷

শিৱসাগৰ চহৰৰ মাজমজিয়াৰ বৰ্ডিং ৰোডস্থিত লক্ষ্মীনাথ বেজবৰুৱা শিশু ভৱন প্ৰাথমিক বিদ্যালয়ৰ প্ৰাক প্ৰাথমিক শ্ৰেণীত নাম ভৰ্তিৰ বাবে অভিভাৱক সকলে যোৱা শুক্ৰবাৰৰ পৰা বিদ্যালয়ৰ প্ৰৱেশ দ্বাৰত শাৰী পাতি অৱস্থান গ্ৰহণ কৰিছে। নিশা নিয়ৰ আৰু ঠাণ্ডাকো কেৰেপ নকৰা এইসকল অভিভাৱকে সন্তানটিৰ ভৱিষ্যতৰ স্বাৰ্থতেই বিদ্যালয়ৰ সন্মুখৰ পদপথৰ ওপৰত আঠুৱা তৰি নৈশ যাপন কৰা ব্যতিক্ৰমি দৃশ্যও পৰিলক্ষিত হৈছে ৷

উল্লেখ্য যে,১৯৫৫ চনত প্ৰতিষ্ঠা লাভ কৰা বিদ্যালয় খনৰ প্ৰাক প্ৰাথমিক শ্ৰেণীৰ ৬০ আসনত নামভৰ্তিৰ বাবে সোমবাৰে পুৱা ৯ বজাৰ পৰা প্ৰ-পত্ৰ প্ৰদান কৰা হব যদিও এই প্ৰ-পত্ৰ লাভ কৰাৰ বাবেই অভিভাৱক সমাজে মুকলি আকাশৰ তলত বিগত ৩ দিন আৰু ৩নিশা বিদ্যালয়ৰ প্ৰৱেশ দ্বাৰৰ সমুখত পদ পথত উজাগৰী নিশা পাৰ কৰিছে ৷ জানিব পৰা মতে প্ৰ-পত্ৰ সৰ্বমুঠ ১০০ খন যদিও ইয়াৰ ভিতৰত মাত্ৰ ৬০ জন ছাত্র ছাত্ৰীৰহে বিদ্যালয় খনত নামভৰ্তি কৰিবলৈ সুযোগ দিয়া হ'ব ৷

Also Read: অৱশেষত ৰৌতা এনকাউণ্টাৰৰ ৰহস্য ফাদিল : এনকাউণ্টাৰত ভুল আছিল বুলি উল্লেখ আৰক্ষীৰ

school