/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/1729b3d7-a370-4104-b1db-28dd78a58a4e/w21.jpg)
-
ৰৌতা এনকাউণ্টাৰৰ প্ৰকৃত তথ্য আহিল পোহৰলৈ।
-
আৰক্ষীৰ এনকাউণ্টাৰত মৃত্যু হোৱা লোকজন আছিল ডিম্বেশ্বৰ মুছাহাৰী।
-
ডিএনএ পৰীক্ষা সম্পন্ন কৰাৰ পাছত নিশ্চিত হ'ল আৰক্ষী।
-
এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে চি আই ডিয়ে প্ৰকাশ কৰিছে এই কথা।
-
ওদালগুৰি এনকাউণ্টাৰত ভুল আছিল বুলিও আৰক্ষীৰ উল্লেখ।
-
যোৱা ২৮ ফেব্ৰুৱাৰীত ডি এন এ পৰীক্ষাৰ বাবে জি এম চি এইছলৈ অনা হৈছিল মৃতদেহ।
-
প্ৰথমে আৰক্ষীয়ে মৃতদেহটো কেনাৰাম বসুমতাৰীৰ বুলি দাবী কৰিছিল।
-
দুধৰ্ষ ডকাইত কেনাৰামৰ পৰিয়ালেও ডিম্বেশ্বৰ মুছাহাৰীৰ মৃতদেহকেই কেনাৰাম বুলি কৱৰস্থ কৰিছিল।
-
হিন্দু ধৰ্মীয় নিয়ম অনুসৰি মৃতদেহ দাহ কৰিব লাগিছিল যদিও কেনাৰামৰ পৰিয়ালে মৃতদেহ দাহ কৰাৰ পৰিৱৰ্তে কৱৰস্থ কৰিছিল।
-
তাৰ পাছতেই ডিম্বেশ্বৰ মুছাহাৰীৰ পত্নীয়ে দাবী কৰিছিল সেই মৃতদেহ কেনাৰামৰ পৰিৱৰ্তে ডিম্বেশ্বৰ মুছাহাৰীৰ।
-
দাবী কৰাৰ পাছতেই আৰম্ভ হৈছিল বিতৰ্কৰ।
-
অৱশেষত শনিবাৰে GMCHত চিনাক্ত কৰা হৈছে মৃতদেহ। ।
-
ফ'ৰেন্সিক পৰীক্ষাৰ বাবে কেইবাদিন পূর্বেই লোৱা হৈছিল ডি এন এ চেম্প’ল।
-
ফ'ৰেন্সিক পৰীক্ষাৰ অন্তত পৰিয়ালক লোকক গতাই দিয়া হৈছে ডিম্বেশ্বৰ মুছাহাৰীৰ মৃতদেহ।