পুত্ৰ অমৃতপালক চাবলৈ ডিব্ৰুগড়ত উপস্থিত পিতৃ-মাতৃ

পুত্ৰ অমৃতপালক চাবলৈ ডিব্ৰুগড়ত উপস্থিত পিতৃ-মাতৃ

ডিজিটেল ডেস্ক : শনিবাৰে ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত আহি উপস্থিত হয়হি অমৃত পাল সিঙৰ পিতৃ-মাতৃ। ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত গ্ৰেপ্তাৰ হৈ 'ৱাৰিছ পঞ্জাৱ দে' ৰ মুৰব্বীগৰাকী বন্দী হৈ আছে ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত।

কাৰাগাৰৰ সন্মুখত উপস্থিত হোৱাৰ পিছতে অমৃত পাল সিঙৰ মাতৃ বলৱিন্দৰ কৌৰে কয়, অমৃত পাল সিঙক সাংসদ হিচাপে নিৰ্বাচিত কৰাৰ বাবে মই জনসাধাৰণক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁ শীঘ্ৰেই কাৰাগাৰৰ পৰা বাহিৰলৈ আহিব। জনসাধাৰণে বৃহৎ জনাদেশেৰে তেওঁক নিৰ্বাচিত কৰাত চৰকাৰে শীঘ্ৰেই তেওঁক মুকলি কৰিব লাগিব।

আনহাতে অমৃত পাল সিঙৰ পিতৃ টাৰ্ছেম সিঙে কয়, মই অমৃত পাল সিঙক বৃহৎ সংখ্যক ভোট দিয়াৰ বাবে পঞ্জাৱৰ জনসাধাৰণক ধন্যবাদ জনাইছো। তেওঁ শীঘ্ৰেই মুকলি হৈ লোকসভাৰ সাংসদ হিচাপে শপত গ্ৰহণ কৰিব। তেওঁ পঞ্জাৱক ড্ৰাগছে কঢ়িয়াই অনা বিপদৰ পৰা ৰক্ষা কৰিছে। তেওঁক চৰকাৰে কাৰাগাৰলৈ নিক্ষেপ কৰাত জনসাধাৰণ ক্ৰোধিত হৈ আছে।

উল্লেখ্য যে, এইবাৰ লোকসভা নিৰ্বাচনত খালিষ্টান পন্থী নেতা হিচাপে অভিযুক্ত অমৃত পাল সিঙে কাৰাগাৰৰ পৰাই প্ৰতিদ্বন্দিতা কৰিছিল। পঞ্জাৱৰ খাদুৰ চাহিব সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰা অমৃত পালে সিঙক সমষ্টিটোৰ ভোটাৰে বৃহৎ সংখ্যক ভোটত নিৰ্বাচিত কৰিছে।

ইয়াৰ পিছতে অমৃত পাল সিঙৰ পত্নী কিৰণদীপ কৌৰে ডিব্ৰুগড়ত আহি বাহৰ পাতিছে। আজি অমৃত পালৰ পিতৃ-মাতৃ আহি ডিব্ৰুগড়ত উপস্থিত হোৱাত কিৰণদীপ কৌৰেই তেওঁলোকক বিমান বন্দৰৰ পৰা কাৰাগাৰলৈ লৈ আহিছে।

বাতৰি লিখাৰ সময়লৈকে তেওঁলোকে অমৃত পালৰ সাক্ষাৎ কৰিব পৰা নাই যদিও আজিয়েই সাক্ষাৎ কৰিব পাৰিব বুলি জানিব পৰা গৈছে। ২০২৩ চনৰ ২৩ এপ্ৰিলৰ পৰা ডিব্ৰুগড় কাৰাগাৰত বন্দী হৈ থকা অমৃত পাল সিঙৰ সৈতে বন্দী হৈ আছে আন ৯ গৰাকী খালিষ্টানী পন্থী নেতা। তেওঁলোকক কাৰাগাৰত পৃথকে পৃথকে ৰখা হৈছে। যাৰ মাজত আছে অমৃত পাল সিঙৰ খুড়াকো।

এইবাৰ লোকসভা নিৰ্বাচনত অমৃত পালে সিঙে নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দিতা কৰি মুঠ ৪০৪৪৩০ টা ভোট লাভ কৰি লোকসভালৈ নিৰ্বাচিত হৈছে। ইয়াৰ পিছতে তেওঁৰ মুক্তিৰ দাবী পঞ্জাৱত শক্তিশালী হৈ উঠিছে।

পুত্ৰ অমৃতপালক চাবলৈ ডিব্ৰুগড়ত উপস্থিত পিতৃ-মাতৃ
শ্বেয়াৰ মাৰ্কেটত ধন বিনিয়োগৰ নামত গুৱাহাটীৰ যুৱতীক কোটি টকাৰ প্ৰৱঞ্চনা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in