ডিজিটেল ডেস্ক : প্ৰয়াত সংবাদিক পৰাগ কুমাৰ দাসৰ ওপজা দিনৰ সৈতে সংগতি ৰাখি পৰাগ কুমাৰ দাস মেম'ৰিয়েল ট্ৰাষ্টৰ উদ্যোগত চলিত বৰ্ষৰ ২৪ ফেব্ৰুৱাৰীত আয়োজন কৰা হৈছে এক স্মাৰক বক্তৃতানুষ্ঠানৰ । এই বাৰ্ষিক বক্তৃতানুষ্ঠানৰ দ্বিতীয়টো বক্তৃতা প্ৰদান কৰিব কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ সমাজ বিজ্ঞান বিভাগৰ সঞ্চালক ড০ জয়দীপ বৰুৱাই । এই বক্তৃতাৰ বিষয়বস্তু হৈছে "সাম্প্ৰতিক প্ৰেক্ষাপটত আত্মনিয়ন্ত্ৰণৰ অধিকাৰ আৰু জাতীয় অৰ্থনীতি নিৰ্মাণৰ প্ৰসংগ" ।
ৰাজ্যৰ অগ্ৰণী শিক্ষানুষ্ঠান কটন বিশ্ববিদ্যালয়ৰ চুডমাৰ্চন হ'লত দিনৰ ২.৩০ বজাত অনুষ্ঠিত হ'ব লগীয়া এই বক্তৃতানুষ্ঠানলৈ সমূহ ৰাইজক নিমন্ত্ৰণ জনাইছে পৰাগ কুমাৰ দাস মেম'ৰিয়েল ট্ৰাষ্টৰ সভাপতি ড০ অপূৰ্ব কুমাৰ বৰুৱা তথা সম্পাদক ময়ূৰ বৰাই ।
স্মৰ্তব্য যে, বিগত বৰ্ষৰ ১৮ ফেব্ৰুৱাৰীত অনুষ্ঠিত প্ৰথমটি বক্তৃতানুষ্ঠানৰ বিষয়বস্তু আছিল ‘স্বাধীনতাৰ প্ৰস্তাৱ-যুগে যুগে’ । বিশিষ্ট লেখক তথা ইংৰাজী সাহিত্যৰ অধ্যাপক তিলোত্তমা মিশ্ৰই আগবঢ়াইছিল এই বক্তৃতা ।