ইতিহাস হোৱাৰ দিশে নামবৰ দৈগ্ৰোং বন্যপ্ৰাণী অভয়াৰণ্য...

বন বিভাগৰ পৃষ্ঠপোষকতাতেই চলিছে ধ্বংস কাৰ্য
ইতিহাস হোৱাৰ দিশে নামবৰ দৈগ্ৰোং বন্যপ্ৰাণী অভয়াৰণ্য...

ডিজিটেল সংবাদ, গোলাঘাট : ৰাজ্য চৰকাৰে বৰ্তমান ৰাজ্যখনৰ বিভিন্ন স্থানৰ সংৰক্ষিত বনাঞ্চল বা চৰকাৰী ভূমিত হোৱা বেদখলৰ আৰু বন ধ্বংসৰ বিৰূদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ সময়তে গোলাঘাট জিলাৰ নামবৰ দৈগ্ৰোং সংৰক্ষিত বনাঞ্চলত ধ্বংস যজ্ঞ অব্যাহত আছে । আটাইতকৈ পৰিতাপৰ কথা যে বন সুৰক্ষাৰ দায়িত্বত থকা ৰাজ্যৰ স্বয়ং বনবিভাগটোৱেই এতিয়া এই বনজ সম্পদ ধ্বংস যজ্ঞৰ মুখ্য পুৰোহিত ৰূপে ভূমিকা পালন কৰি আহিছে।

উল্লেখযোগ্য যে বনৰীয়া হাতী, মেঠোন, পহু, বনৰৌ, আদি জীৱ-জন্তু আৰু শাল,শলখ, তিতাচেপা, বনচোম আৰু বহু প্ৰজাতিৰ মূল্যবান অৰ্কিডেৰে ভৰপূৰ এই অৰণ্য খনক ১৯৭২ চনতে দুৰদৰ্শী বৃটিছ সকলে সংৰক্ষিত বুলি ঘোষণা কৰিছিল। অন্যহাতে বিভিন্ন সময়ত বিভিন্ন কাৰণত এই অৰণ্য খনৰ পৰিসৰ সংকুচিত হৈ অহাৰ পাছত ২০০৩ বৰ্ষত অৱশিষ্ট খিনিক লৈ নামবৰ-দৈগ্ৰোং বন্যপ্ৰাণী অভয়াৰণ্যলৈ উন্নীত কৰা হয়। কিন্তু সময় অতিবাহিত হোৱাৰ লগে লগে এতিয়া চোৰাং কাঠ ব্যৱসায়ী আৰু বেদখলৰ কৱলত পৰি এই অৱশিষ্ট খিনিও শেষ হৈ যোৱাৰ উপক্ৰম ঘটিছে যদিও বনাঞ্চল খনিৰ ৰক্ষাৰ দায়িত্বত থকা বনবিভাগটোয়ে সকলো দেখি শুনিও ৰহস্যজনক ভাৱে নিৰৱ হৈ থকাত বেদখলৰ মাত্ৰা ক্ৰমাত বৃদ্ধি হ'ব ধৰিছে।

গোলাঘাট বনসংমণ্ডলৰ গোলাঘাট বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত চামৰাইপুৰ চাহবাগিচাৰ কাষৰ পৰা ধনশিৰি মহকুমাৰ সীমা লৈকে ৯৬ বৰ্গকিলোমিটাৰ এলেকাজুৰি থকা বিস্তৃত হৈ থকা এই নামবৰ দৈগ্ৰোং বন্যপ্ৰাণী অভয়াৰণ্যৰ কেইবাঠাইতো এতিয়া পূৰ্ণোদ্যমে চলিব ধৰিছে বনজ সম্পদ লুণ্ঠন কাৰ্য।

বিশেষকৈ বনমাফিয়া আৰু ভূ মাফিয়াই মুৰফুলনী বনখণ্ডৰ অধীনস্থ মৰঙী মৌজাৰ গোলাঘাট কাৰ্বি-আংলং জিলাৰ সীমান্তৰ ( বিজুলী বনাঞ্চল) প্ৰায় এশ বিঘা মাটিৰ গছগছনী কাটি তহিলং কৰাৰ লগতে কাঠ, বালি আৰু মাটিৰ এক বিশাল চোৰাং সাম্ৰাজ্য গঢ়ি তুলিছে আৰু মুকলি হোৱা ঠাইবোৰত বেদখল আৰম্ভ কৰিছে। এস্কেভেটৰে অবৈধ ভাৱে বালি- মাটি খন্দাৰ ফলত বন্যপ্ৰাণী অভয়াৰণ্য খনত সৃষ্টি হৈছে বিশাল বিশাল পুখুৰীৰ। ইয়াৰ ফলত বন্য হস্তী অথবা অন্যান্য বন্য বাসিন্দা সকলৰ মুক্ত বিচৰণত ব্যাঘাত জন্মাইছে আৰু এনেবোৰ প্ৰাণী জনাঞ্চলত প্ৰৱেশ কৰি মানুহৰ ব্যাপক ক্ষতি সাধন কৰাত মানুহৰ লগত সংঘাটৰ সৃষ্টি হোৱা দেখা গৈছে। অভয়াৰণ্য খনত চোৰাংকৈ কাঠ, বালি-মাটি সংগ্ৰহ কৰিবলৈ গৈ বনমাফিয়াৰ মাজত চলা প্ৰতিযোগিতাৰ ফল স্বৰূপে কেইবাটাও মাফিয়াৰ মাজত সংঘাটৰ সৃষ্টি হোৱাও দেখা গৈছে আৰু এনে সংঘাটে আৰক্ষী থানাৰ মজিয়াও পাইছেগৈ।

অন্যহাতে এনে অবৈধ কাৰ্যক বাধা দিবলৈ চেষ্টা কৰা স্থানীয় যুৱক সকলৰ লগতো মাফিয়াৰ সংঘাটৰ সৃষ্টি হৈছে যদিও বনবিভাগৰ মুৰফুলনী বনখন্ডৰ বিয়াগোম বিয়াগোম বিষয়া সকলে মাফিয়াৰ পক্ষত অৱস্থান কৰাৰ ফলস্বৰূপে স্থানীয় যুৱক সকল নিৰৱ দৰ্শক হৈ থাকিব লগীয়া হৈছে। যোৱা ১৬ ফেব্ৰুৱাৰীত এই লৈ মুৰফুলনী বনখণ্ডৰ কাৰ্যালয়ৰ ভিতৰতে স্থানীয় যুৱকৰ দল আৰু বন মাফিয়াৰ মাজত এক উতপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি লোকচক্ষুক ফাঁকি দিবলৈ বন মাফিয়াৰ দলে নিশা প্ৰায় এক বজাৰ পৰা এস্কেভেটৰ ,ডাম্পাৰ আদিৰে বালি,মাটি কাঠ আদি আহৰণৰ কাম আৰম্ভ কৰি পোহৰ হোৱাৰ লগে লগে বন্ধ কৰি দিয়ে। এইদৰে নিশাৰ ভাগত অভয়াৰণ্য খনত এস্কেভেটৰ ডাম্পাৰ আদিৰে বন মাফিয়াৰ নিশাচৰ বন্যপ্ৰাণীৰ বাবে এক প্ৰতিকূল পৰিবেশ গঢ়ি তোলাত স্বাভাবিকতে বন্যপ্ৰাণী সমূহৰ মুক্ত বিচৰণত ব্যাঘাত জন্মিছে।

এইদৰে এতিয়া নমবৰ দৈগ্ৰোং অভয়াৰণ্যৰ বিজুলী বনাঞ্চলৰ বিভিন্ন স্থানত অবিৰত ভাৱে বন ধ্বংস কাৰ্য চলিব ধৰাত সমগ্ৰ গোলাঘাট জিলাৰে পাৰিপাৰ্শ্বিক অৱস্থাত মোক্ষম আঘাট পৰিছে আৰু জলবায়ুৰ ওপৰত ঋণাত্মক প্ৰভাৱ পৰাৰ লগতে অনাগত দিনবোৰত ভয়ানক ভাৱে প্ৰাকৃতিক পৰিৱেশ বিঘ্নিত হোৱাৰ সম্ভাৱনা আহি পৰিছে। এতিয়া প্ৰশ্ন হয় যে ইমানৰ পাছতো ৰাজ্য খনৰ পাৰিপাৰ্শ্বিক আৰু স্বাভাৱিক প্ৰাকৃতিক পৰিৱেশ ৰক্ষাত বৰ্তমান কঠোৰ ভাৱে ব্ৰতী হোৱা ৰাজ্য চৰকাৰ খনে গোলাঘাটৰ নামবৰ দৈগ্ৰোং বন্যপ্ৰাণী অভয়াৰণ্যত অব্যাহত থকা ধ্বংস যজ্ঞ ৰোধ কৰাৰ কথা চিন্তা কৰিব নে? নে এচাম ধুৰন্ধৰ বন বিষয়া আৰু বন মাফিয়াৰ হাতত অভয়াৰণ্য খন সৰ্মপন কৰি অভয়াৰণ্য খনৰ ধ্বংস কাৰ্যক উদ্গনি দি যাব- এইয়া ৰাইজৰ প্ৰশ্ন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in