প্ৰখ্যাত সাংবাদিক সংগীতা বৰুৱা পিছাৰটিক "পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা" প্ৰদান...

প্ৰখ্যাত সাংবাদিক সংগীতা বৰুৱা পিছাৰটিক "পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা" প্ৰদান...
Published on
Updated on

ডিজিটেল ডেস্ক : পৰাগ কুমাৰ দাস। নামেই যাৰ পৰিচয়। নিৰ্ভীক-নিৰপেক্ষ সাংবাদিকতাৰে নিজক জনগণৰ মাজত এৰি দিয়া এইগৰাকী পৰাগ কুমাৰ দাসক ১৯৯৬ চনৰ ১৭ মে'ত আততায়ীয়ে ১৩টাকৈ গুলীবৰ্ষণেৰে কৰিছিল হত্যা। সেই গৰাকী পৰাগ কুমাৰ দাসৰ আজি ২৭ সংখ্যক মৃত্যু তিথি। জনগণৰ বাবে মাত মতাটোয়েই যেন কাল হৈছিল এইগৰাকী সাংবাদিকৰ।

পৰাগ কুমাৰ দাসৰ জীৱন, কৰ্ম আৰু আদৰ্শৰ সন্দৰ্ভত নতুন প্ৰজন্মৰ মাজত নিৰন্তৰ চৰ্চা যাতে চলি থাকে, সেই উদ্দেশ্য আগত ৰাখি 'পৰাগ কুমাৰ দাস সতীৰ্থ মঞ্চ'ই প্ৰদান কৰি আহিছে "পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা"। নিৰ্ভীক সাংবাদিক, লেখক, মানৱধিকাৰ কৰ্মী পৰাগ কুমাৰ দাসৰ সোঁৱৰণত প্ৰদান কৰা এই বৰ্ষৰ বঁটা আজি গুৱাহাটী প্ৰেছ ক্লাবত প্ৰদান কৰা হয়।

২০২৩ বৰ্ষৰ এই বঁটা প্ৰদান কৰা হয় 'দ্য ৱায়াৰ' সংবাদ গোষ্ঠীৰ প্ৰখ্যাত সাংবাদিক, নেশ্যনেল এফেয়াৰ্ছ এডিটৰ আৰু চীফ অব ব্যুৰ সংগীতা বৰুৱা পিছাৰটিক। আজি দিনৰ ১ বজাৰ পৰা অনুষ্ঠিত হোৱা সভাত সাংবাদিক গৰাকীক এই বঁটাৰে সন্মানিত কৰাৰ সমান্তৰালভাৱে বিশিষ্ট লেখক দেৱব্ৰত দাসক জনোৱা হয় বিশেষভাৱে সম্বৰ্ধনা। উল্লেখ্য যে, বঁটা প্ৰাপক সাংবাদিক গৰাকীক বঁটা প্ৰদান কৰে বিশিষ্ট লেখিকা অৰূপা পটঙ্গীয়া কলিতাই।

বঁটা গ্ৰহণ কৰি সাংবাদিক সংগীতা বৰুৱা পিছাৰটিয়ে সাংবাদিকৰ আগত মত ব্যক্ত কৰি কয় যে, "বৰ্তমান সময়ত সাংবাদিক পৰাগ কুমাৰ দাসৰ যি প্ৰাসংগিকতা আছে সেইয়া নৱপ্ৰজন্মই বুজি উঠাতো জৰুৰী। প্ৰথমবাৰলৈ মাতৃ ভূমিৰ এই সন্মানগ্ৰহণ কৰি আনন্দিত হৈছো "। তদুপৰি সাংবাদিক গৰাকীয়ে প্ৰথমবাৰৰ বাবে মহিলা সাংবাদিকক এই বঁটা প্ৰদান কৰাত আনন্দিত হোৱাৰ কথা ব্যক্ত কৰে।

উল্লেখ্য যে, এই সভাতে 'বৰ্তমান সময়ত পৰাগ কুমাৰ দাসৰ সাংবাদিকতাৰ প্ৰাসংগিকতা' ৰ ওপৰত এক মননশীল বক্তব্য আগবঢ়াই শান্তনু বৰঠাকুৰে। সভাত পৰাগ কুমাৰ দাসৰ পত্নী পূৰবী দাস আৰু পৰিয়ালৰ আন আন সদস্য, সাংসদ অজিত কুমাৰ ভূঞা, জ্যেষ্ঠ সাংবাদিক সুশান্ত তালুকদাৰ, কংগ্ৰেছ নেত্ৰী মিৰা বৰঠাকুৰকে আদি কৰি বহু গণ্যমান্য লোক উপস্থিত থাকে। ইয়াৰোপৰি সভাত উপস্থিত থাকে পৰাগ কুমাৰ দাস সতীৰ্থ মঞ্চৰ মনোৰম গগৈ, ধৈৰ্য হাজৰিকা, বেদব্ৰত বৰা, কিশোৰ ভট্টাচাৰ্য আদি।

প্ৰখ্যাত সাংবাদিক সংগীতা বৰুৱা পিছাৰটিক "পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা" প্ৰদান...
২৭ সংখ্যক মৃত্যুৰ তিথিত পৰাগ দাসক সশ্ৰদ্ধাৰে সোৱৰণ ৰাজগড়ত

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in