২৭ সংখ্যক মৃত্যুৰ তিথিত পৰাগ দাসক সশ্ৰদ্ধাৰে সোৱৰণ ৰাজগড়ত

২৭ সংখ্যক মৃত্যুৰ তিথিত পৰাগ দাসক সশ্ৰদ্ধাৰে সোৱৰণ ৰাজগড়ত

ডিজিটেল ডেস্ক : সাহসী, সৎ আৰু নীতিত অবিচলিত সম্পাদক, সাংবাদিক পৰাগ কুমাৰ দাসক হত্যা কৰা ২৭টা বছৰ পাৰ হ'ল । ১৯৯৬ চনৰ ১৭ মে'ত বিয়লি ২ বাজি ৪৪ মিনিটত আপোচবিহীন এইগৰাকী সাংবাদিকক মহানগৰীৰ ৰাজগড়ত হত্যা কৰিছিল আততায়ীয়ে । অসমী আইৰ সুযোগ্য সন্তান, জাতীয় বীৰ পৰাগ কুমাৰ দাসৰ দেহত লাগিছিল ১৩টাকৈ গুলী । শ্বহীদ সাংবাদিক গৰাকীক তেওঁৰ মৃত্যুৰ তিথিত সশ্ৰদ্ধাৰে সোৱৰণ কৰে সতীৰ্থ আৰু গুণমুগ্ধসকলে ।

ৰাজগড়ৰ যি স্থানত পৰাগ কুমাৰ দাসক হত্যা কৰা হৈছিল সেই স্থানতেই নিৰ্মাণ কৰা তেওঁৰ প্ৰতিমূৰ্তি আৰু শ্বহীদবেদীস্থলীত বুধবাৰে এই উপলক্ষে সমৱেত হয় যথেষ্ট সংখ্যক সংগ্ৰামী সতীৰ্থ । পৰাগ দাসৰ পত্নী পূৰবী দাস, তেওঁৰ ভাতৃ জ্যোতি দাস, বোৱাৰীয়েকৰ সৈতে পৰিয়ালৰ লোকে পৰাগ দাসৰ প্ৰতিমূৰ্তিস্থলীত বন্তি প্ৰজ্বলনেৰে সাহসী সাংবাদিকগৰাকীক স্মৰণ কৰাৰ লগতে এই অনুষ্ঠানত 'মাছ'ৰ বহু কেইগৰাকী সতীৰ্থ তথা জ্যেষ্ঠ বিষয়-ববীয়া উপস্থিত থাকে ।

পৰাগ দাসৰ এই স্মৃতিচাৰণ সভাত অংশ লয় আলফাৰ আলোচনাপন্থী গোটৰ নেতা প্ৰদীপ গগৈ, 'মাছ'ৰ নেতা লাচিত বৰদলৈ, বিশিষ্ট সাংবাদিক প্ৰকাশ মহন্ত, 'মাছ'ৰ অধ্যক্ষ আদিত্য লহক, পৰাগ দাসৰ সতীৰ্থ সাংবাদিক মনোৰম গগৈকে ধৰি বিশিষ্ট ব্যক্তিসকলে । এই অনুষ্ঠানত অংশ লৈ পৰাগ দাসৰ সহধৰ্মিণী পূৰৱী দাসে কয়, " নতুন প্ৰজন্মই পৰাগ দাসৰ আদৰ্শক আকোৱালি লোৱাটো অতি আশাৰ খবৰ ।"

বিশিষ্ট সাংবাদিক প্ৰকাশ মহন্তইও এই উপলক্ষে চমু ভাষণত কয় যে, পৰাগ দাসৰ মৃত্যুৰ এই দিনটোত আমি ইয়ালৈ আহিছো আৰু তেওঁক শ্ৰদ্ধাৰে সম্ৰণ কৰাৰ বাদে আন কিবা কৰিব নোৱাৰিলেও সুখৰ খবৰ যে নতুন প্ৰজন্মৰ বহু যুৱক-যুৱতীয়ে পৰাগ দাসৰ সেই আদৰ্শক সাৰোগত কৰি নতুন চিন্তাৰে আগবাঢ়ি গৈছে ।

আলফাৰ নেতা প্ৰদীপ গগৈয়ে পৰাগ দাসক সশ্ৰদ্ধাৰে সোৱৰণ কৰি তেওঁৰ হত্যাকাৰীক শাস্তি প্ৰদান কৰিব নোৱাৰাতো এক দুখৰ বিষয় বুলি উল্লেখ কৰে । আনহাতে, পৰাগ দাসৰ একালৰ সতীৰ্থ সাংবাদিক মনোৰম গগৈয়ে আশাব্যক্ত কৰে যে পৰাগ দাসে দেখা সপোনৰ অসমখন এদিন নহয় এদিন বাস্তৱত পৰিণত হ'ব । লাচিত বৰদলৈ, আদিত্য লহকৰে আদিয়েও এই অনুষ্ঠানত পৰাগ দাসৰ শ্ৰদ্ধাৰে স্মৰণ কৰি তেওঁৰ আদৰ্শৰে আগবাঢ়ি এখন স্বাৱলম্বী অসমৰ পোষকতা কৰে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in