১০ টকাৰ বাবেই হত্যাৰ চেষ্টা গ্ৰাহকক

১০ টকাৰ বাবেই হত্যাৰ চেষ্টা গ্ৰাহকক

ডিজিটেল সংবাদ, বৰপেটাঃ ১০ টকাৰ বাবেই দা'ৰে ঘপিয়াই গ্ৰাহকক হত্যাৰ চেষ্টা বৰপেটাত ৷ বৰপেটাৰ সৰ্থেবাৰীৰ সমীপৰ চতলা গাঁৱত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা ৷ দহ টকা মূল্যৰ এটা কচুৰি খোৱাক লৈয়ে মহম্মদ আলী নামৰ চাহ দোকানী এজনে এগৰাকী গ্ৰাহকক দাৰে ঘপিয়াই হত্যাৰ চেষ্টা চলায় ৷

ভূক্তভোগী গ্ৰাহকজন গৰিয়া চতলা গাৱৰ খলিলুৰ ৰহমান ৷ খলিলুৰে ৰহমানে খুচুৰা পইচা নথকাৰ বাবে দিব পৰা নাছিল কচুৰিটোৰ দাম ৷ আনকি গ্ৰাহকজনে ৫০০ টকীয়া নোট ভাঙি বা স্কেনাৰৰ জৰিয়তে কচুৰিটোৰ মূল্য ল'বলৈ অনুৰোধ কৰে ৷ কিন্তু দোকানী মহম্মদ আলী আৰু তেওঁৰ পুত্ৰ ফালু আলিয়ে নগদ টকা লাগিব বুলি কৈ গ্ৰাহকজনক উপৰ্যুপৰি দাৰে ঘপিয়াই আক্ৰমণ কৰে ৷

ইপিনে দাৰ ঘাপত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত খলিলুৰ ৰহমানৰ লগত থকা ১ লাখ ১৩ হাজাৰ টকা লুটি কৰি নিয়া বুলিও মহম্মদ আলী আৰু তেওঁৰ পুত্ৰ ফালু আলিৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে গ্ৰাহকজনে ৷

এটা কচুৰি খাই খুচুৰা পইচা নথকাৰ বাবেই এনেদৰে দোকানীৰ আক্ৰমণৰ বলি হবলগীয়া ঘটনাক লৈ বৰপেটাত চাঞ্চল্যৰ সৃষ্টি হৈছে ৷

১০ টকাৰ বাবেই হত্যাৰ চেষ্টা গ্ৰাহকক
স্থগিত 'দিল্লী চলো' কাৰ্যসূচী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in