/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/c096ca59-e85a-4009-adc0-7521774cd702/6.jpg)
ডিজিটেল ডেস্কঃ আজি শ্বহীদ সাংবাদিক পৰাগ কুমাৰ দাসৰ ২৮ সংখ্যক মৃত্যু বাৰ্ষিকী। ১৯৯৬ চনৰ ১৭ মে'ত দুৰ্বৃত্তৰ হাতত প্ৰাণ হেৰুৱাইছিল পৰাগ কুমাৰ দাসে। আজি ২৮ সংখ্যক মৃত্যু বাৰ্ষিকীত তেওঁক সোঁৱৰিছে প্ৰতিগৰাকী ৰাজ্যবাসীয়ে।
সমান্তৰালকৈ চানমাৰীস্থিত সাদিন-প্ৰতিদিন গোষ্ঠীৰ মুখ্য কাৰ্যালয়টো সাংবাদিক গৰাকীক শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰা হয়। উল্লেখ্য যে, প্ৰতিদিন গোষ্ঠীৰ জন্মলগ্নৰ কাৰ্যবাসী সম্পাদক আছিল পৰাগ কুমাৰ দাস। আপোচহীন সাংবাদিক গৰাকীক বিগত ২৮ টা বছৰে সোঁৱৰণ কৰি আহিছে প্ৰতিদিন গোষ্ঠীয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/321625d5-dff6-4a37-b319-8ceead1b24fb/3e302a25-a9b2-4149-a54a-bc9744ea0f75.jpg)
আজিৰ এই অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে প্ৰতিদিন গোষ্ঠীৰ সহযোগী সম্পাদক প্ৰকাশ মহন্তই। অনুষ্ঠানত কাৰ্যালয়ৰ প্ৰতিগৰাকী কৰ্মচাৰীয়ে সাংবাদিক গৰাকীক স্মৰণ কৰি পুষ্প অৰ্পন কৰে।উক্ত কাৰ্যসূচীত অসমীয়া প্ৰতিদিন ডিজিটেল আৰু প্ৰতিদিন টাইম ডিজিটেলেও সহযোগ কৰে।
Also Read: আজি পৰাগ কুমাৰ দাসৰ মৃত্যু বাৰ্ষিকীঃ আপোচহীন ব্যক্তিত্বক সশ্ৰদ্ধ প্ৰণাম...