আৰক্ষীৰ জিম্মাত গহপুৰৰ নিৰ্মলা চাহ বাগিচাৰ পৰিচালক পংকজ তিৱাৰী

আৰক্ষীৰ জিম্মাত গহপুৰৰ নিৰ্মলা চাহ বাগিচাৰ পৰিচালক পংকজ তিৱাৰী

ডিজিটেল সংবাদ, ছয়দুৱাৰঃ চোৰাংকৈ প্ৰায় ১০ টন "টি-ৱেইষ্ট"(Tea Waste,চাহৰ শেষ অংশ) বিক্ৰী কৰাৰ চক্ৰান্ত কৰি আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা গহপুৰ মহকুমাৰ হেলেম আৰক্ষী থানাৰ অন্তৰ্গত নিৰ্মলা চাহ বাগিচাৰ পৰিচালক পংকজ তিৱাৰীক ৫ দিনৰ বাবে জিম্মাত লৈছে জিনজিয়া আৰক্ষীয়ে।

উল্লেখযোগ্য যে-নিৰ্মলা চাহ বাগিচাৰ পৰিচালক পংকজ তিৱাৰীয়ে বাগিচাখনৰ কলঘৰত ২০২৩ বৰ্ষত উৎপাদিত হোৱা চাহৰ পৰা থাকি যোৱা প্ৰায় ১০ টন "টি ৱেইষ্ট" চোৰাংকৈ বিক্ৰীৰ বাবে গোপনে এক কৌশল তৈয়াৰ কৰিছিল। সেই অনুসৰি তেওঁ ব্ৰহ্মাজান চাহ বাগিচাৰ মংগল তাঁতী (বয়স-৩৭,পিতা-বাসু তাঁতী) নামৰ এগৰাকী মধ্যভোগীৰ সহায়ত উক্ত টি ৱেইষ্ট খিনি চোৰাংকৈ বিক্ৰীৰ বাবে পাং পাতি এইছ-আৰ-৩৮-এবি-৫১৭৭ নম্বৰৰ এখন ট্ৰাকৰ সহায়ত বোজাই কৰি চাহ বাগিচাখনৰ কলঘৰৰ পৰা ৱেষ্ট বেংগল অভিমুখে প্ৰেৰণ কৰিছিল। কিন্তু এইক্ষেত্ৰত আৰক্ষীয়ে লাভ কৰা এক গোপন খবৰৰ ভিত্তিত ৱেষ্ট বেংগল অভিমুখে গৈ থকা অৱস্থাত জিনজিয়া আৰক্ষীয়ে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত টি ৱেইষ্ট সহ যোৱা ২১ ফেব্ৰুৱাৰীৰ নিশা জব্দ কৰে উক্ত ট্ৰাকখন। ট্ৰাকখন জব্দ কৰাৰ পিছত আৰক্ষীয়ে কৰা তদন্তত উক্ত টি ৱেইষ্ট খিনি কোনো ধৰণৰ বৈধ নথি পত্ৰ, অনুজ্ঞাপত্ৰ অবিহনে সৰবৰাহ কৰা বুলি প্ৰমাণিত হয়।

তদুপৰি আৰক্ষীক দেখুওৱা চালানখনো আছিল ভুৱা। আৰক্ষীৰ প্ৰাৰম্ভিক তদন্তত এই অবৈধ কাৰ্য্যৰে জড়িত থকাৰ অভিযোগত হেলেম আৰক্ষী থানাৰ অন্তৰ্গত ব্ৰহ্মাজান চাহ বাগিচাৰ মংগল তাঁতী নামৰ মধ্যভোগী জন গ্ৰেপ্তাৰ হোৱাৰ পিছত মংগল তাঁতীৰ স্বীকাৰোক্তিৰ ভিত্তিত গ্ৰেপ্তাৰ হয় নিৰ্মলা চাহ বাগিচাৰ পৰিচালক পংকজ তিৱাৰী (বয়স-৩৮, পিতা-ত্ৰিলোকি নাথ তিৱাৰী)। ধৃত মংগল তাঁতীক ইতিমধ্যে জেললৈ প্ৰেৰণ কৰাৰ বিপৰীতে পংকজ তিৱাৰীক আদালতত হাজিৰ কৰি ৫ দিনৰ বাবে জিম্মাত লৈছে জিনজিয়া আৰক্ষীয়ে।

তদুপৰি ট্ৰাকখনৰ চালক বিৰেন্দ্ৰ পাজিয়াৰ (৩৬,বিহাৰ) আৰু হেণ্ডিমেন গোবিন্দ সিঙকো(৩২,বিহাৰ) জে'ললৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে। জানিব পৰা মতে-চাহ পাত উৎপাদন কৰাৰ পিছত থাকি যোৱা এই "টি ৱেইষ্ট"ৰ পৰা বিভিন্ন নামি দামী কেমিকেল আৰু ৰং বনোৱা হয়। বিভিন্ন কোম্পানীয়ে এই "টি ৱেইষ্ট" সমূহ অধিক দামত ক্ৰয় কৰে। পংকজ তিৱাৰীয়ে এই "টি ৱেইষ্ট" খিনি চোৰাং বজাৰত অধিক দামত বিক্ৰী কৰাৰ কৌশল তৈয়াৰ কৰি অৱশেষত আৰক্ষীৰ জালত বন্দী হোৱা ঘটনাই অসমত কৰ ফাঁকি দি অবৈধ ভাবে "টি ৱেইষ্ট" বিক্ৰীৰ নামত চলি অহা এখন কলা সাম্ৰাজ্যৰ কথা পৰিস্কাৰ কৰি তুলিছে।

আৰক্ষীয়ে এইক্ষেত্ৰত এক কঠোৰ অভিযান চলালে নিৰ্মলা চাহ বাগিচাৰ আৰু কৰ্মচাৰী জালত পৰাৰ সম্ভাৱনা নিশ্চিত। পংকজ তিৱাৰী সহ পাঁচ অভিযুক্তৰ বিৰূদ্ধে জিনজিয়া আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধী আইনৰ ১২০(বি), ৩৭৯, ৪২০, ৪৬৮, ৪৭১ ধাৰাৰ অধীনত ১২/২০২৪ নম্বৰত এক গোচৰ পঞ্জীয়ন কৰি তদন্ত অব্যাহত ৰাখিছে।উল্লেখযোগ্য যে-পৰিচালক পংকজ তিৱাৰীয়ে বহু ক্ষুদ্ৰ চাহ খেতিয়ক আৰু কেৰিয়াৰক কেঁচা চাহ পাতৰ বিপৰীতে ধন আদায় নিদি মাহৰ পিছত মাহ ধৰি প্ৰতাৰণা কৰি আহিছে।

আৰক্ষীৰ জিম্মাত গহপুৰৰ নিৰ্মলা চাহ বাগিচাৰ পৰিচালক পংকজ তিৱাৰী
কঠীয়াতলীত মাঘী পূৰ্ণিমা উদযাপন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in