কঠীয়াতলীত মাঘী পূৰ্ণিমা উদযাপন

কঠীয়াতলীত মাঘী পূৰ্ণিমা উদযাপন

ডিজিটেল সংবাদ, কঠীয়াতলীঃ শনিবাৰে কঠীয়াতলী নামবৰ লালুং গাঁও শ্ৰী শ্ৰী কবীৰ আশ্ৰম কমিটিৰ উদ্যোগত সমগ্ৰ দেশৰ লগতে মাঘী পূৰ্ণিমা পালন কৰা হয়। নগাঁও জিলা কবীৰ পন্থী সমাজৰ ভক্তসকলৰ দ্বাৰা ধৰ্মীয় সভা অনুষ্ঠিত হয়। দুপৰীয়া বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামী উপস্থিত হয়। বিধায়কগৰাকীয়ে আশ্ৰমখনৰ উন্নয়নৰ বাবে আৰ্থিক সাহায্য প্ৰদান কৰাৰ আশ্বাস প্ৰদান কৰে।

প্ৰতি বছৰে উদযাপিত হৈ অহা মাঘী পূৰ্ণিমা উৎসৱত পানিকা সমাজৰ লগতে অঞ্চলটোৰ বিভিন্ন ধৰ্মীয় আৰু জাতি জনগোষ্ঠীৰ লোকে অংশগ্ৰহণ কৰে। অনুষ্ঠানত বিধায়কগৰাকীক ফুলাম গামোচা আৰু জাপিৰে সম্বৰ্ধনা জনাই। উক্ত কাৰ্যসূচীত উপস্থিত থাকি দিহা পৰামৰ্শ আগবঢ়ায় তিৱা স্বায়ত্ব পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য যুগল পাটৰ আৰু বিপুল নাথে। কঠীয়াতলী পানিকা সমাজৰ উপদেষ্টা পবন পানিকাই এই বাৰৰ পাঠ্যপুথিত চৰকাৰৰ শিক্ষা বিভাগে কবীৰৰ বিষয়ে ভুল তথ্য সন্নিবিষ্ট কৰি বিভ্ৰান্তিৰ সৃষ্টি কৰাৰ বাবে আক্ষেপ প্ৰকাশ কৰে।

কঠীয়াতলীত মাঘী পূৰ্ণিমা উদযাপন
'ক'ত হেৰাল গেৰুৱা দলৰ দিচাং-টেকেলিফুটা দলংৰ প্ৰতিশ্ৰুতি'- আছু

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in