প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈলৈ 'ডক্টৰেট অফ ল' সন্মান...

বিভিন্ন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আৰু উপাচাৰ্যসকলক লৈ গঠিত এখন উচ্চস্তৰীয় সমিতিৰ পৰামৰ্শৰ ওপৰত ভিত্তি কৰি পাঞ্জাৱ বিশ্ববিদ্যালয়, চণ্ডিগড়ে প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক সন্মানীয় ডিগ্ৰী 'ডক্টৰ অফ ল' ডিগ্ৰী প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে
প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈলৈ 'ডক্টৰেট অফ ল' সন্মান...

ডিজিটেল ডেস্কঃ বিভিন্ন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আৰু উপাচাৰ্যসকলক লৈ গঠিত এখন উচ্চস্তৰীয় সমিতিৰ পৰামৰ্শৰ ওপৰত ভিত্তি কৰি পাঞ্জাৱ বিশ্ববিদ্যালয়, চণ্ডিগড়ে প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক সন্মানীয় ডিগ্ৰী 'ডক্টৰ অফ ল' ডিগ্ৰী প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে। ৭০ তম বাৰ্ষিক সমাৱৰ্তন উপলক্ষে আয়োজিত এক অনুষ্ঠানত ৰঞ্জন গগৈক এই সন্মান প্ৰদান কৰিব।

সমাজৰ প্ৰতি আগবঢ়োৱা গুৰুত্বপূৰ্ণ অৱদানৰ বাবে এই সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰিব প্ৰাক্তন মুখ্য ন্যায়াধীশগৰাকীক । এই লৈ আয়োজিত অনুষ্ঠানটিত প্ৰাক্তন ন্যায়াধীশগৰাকীক ২০ মে’ত উপস্থিত থাকিবলৈ এক পত্ৰযোগে নিমন্ত্ৰণ আগবঢ়াইছে । উক্ত অনুষ্ঠানত ভাৰতৰ উপ-ৰাষ্ট্ৰপতি জগদীপ ধানখড়ো উপস্থিত থাকিব ।

তদুপৰি বিশ্ববিদ্যালয়খনে বিজ্ঞান, ফাৰ্মা বিজ্ঞান, কলা, শিক্ষা, ভাষা, আইন, অভিযান্ত্ৰিক আৰু প্ৰযুক্তি, ব্যৱসায় ব্যৱস্থাপনা আৰু বাণিজ্য, ডিজাইন আদি বিষয়ত স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী শীৰ্ষ স্থান লাভ কৰা মুঠ ৫০০ গৰকী ছাত্ৰ-ছাত্ৰীক প্ৰদান কৰিব সন্মান ।

প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈলৈ 'ডক্টৰেট অফ ল' সন্মান...
শৰীৰৰ পৰা বিষাক্ত পদাৰ্থবোৰ বাহিৰ হোৱাটো কিমান জৰুৰী জানেনে ?

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in