খালিংদুৱাৰ সংৰক্ষিত বনাঞ্চলত তহলদাৰী বনৰক্ষীৰ গুলীত চোৰাং কাঠ ব্যৱসায়ীৰ মৃত্যু...

খালিংদুৱাৰ সংৰক্ষিত বনাঞ্চলত তহলদাৰী বনৰক্ষীৰ গুলীত চোৰাং কাঠ ব্যৱসায়ীৰ মৃত্যু
paneri forest
paneri forest

ডিজিটেল ডেস্ক, টংলা :- ওদালগুৰি জিলাৰ পানেৰী থানাৰ অন্তৰ্গত খালিংদুৱাৰ সংৰক্ষিত বনাঞ্চলত তহলদাৰী বনৰক্ষীৰ গুলীত চোৰাং কাঠ ব্যৱসায়ীৰ মৃত্যু। জানিব পৰা অনুসৰি বুধবাৰে দিনৰ ২ বজাত খালিংদুৱাৰ বনাঞ্চলত ভাৰত ভূটান সীমান্তত অতি ঘন অৰণ্যত নোনাই বনৰক্ষী দলে তহল দিবলৈ গৈ থকা অৱস্থাত এটা শব্দ শুনিছিল ।

পিছত বনৰক্ষী দলটোৱে চুপি চুপি গৈ জংঘলৰ মাজত এটা দহ বাৰ জনীয়া চোৰাং কাঠকটীয়া দলক দেখা পায় শূন্যলৈ গুলিচালনা কৰে । বনৰক্ষী দলটোত পৰ্য্যাপ্ত পৰিমানৰ লোক নোহোৱাৰ বাবে সেই স্থানৰ পৰা পলায়ন কৰে দলটো। যাৰ ফলত চোৰাং কাঠ ব্যৱসায়ী দলটো আটক কৰিবলৈ সক্ষম নহ’ল যদিও এজন কাঠ ব্যৱসায়ী মৃত্যুদেহ আৰক্ষীৰ সহযোগত উদ্ধাৰ কৰে ।

মৃত চোৰাং কাঠকটীয়াজন এই পৰ্য্যন্ত চিনাক্ত হোৱা নাই যদিও নোনাই পাৰা অঞ্চলৰ বুলি সন্দেহ কৰা হৈছে । ইতিমধ্যে মৃত ব্যক্তি জনৰ পৰা বনৰক্ষী দলটোৱে আপত্তিজনক সামাগ্ৰী উদ্ধাৰ কৰে। মৃতদেহ মৰনোত্তৰ পৰীক্ষা বাবে ওদালগুৰি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in