নিষিদ্ধ দ্ৰব্যৰ বিৰুদ্ধে বৃহৎ অভিযান

নিষিদ্ধ দ্ৰব্যৰ বিৰুদ্ধে বৃহৎ অভিযান

ডিজিটেল ডেস্কঃ দক্ষিণ কামৰূপৰ কুকুৰমাৰাত নিষিদ্ধ দ্ৰব্যৰ বিৰুদ্ধে আৰক্ষীয়ে এক বৃহৎ অভিযান হাতত লয় । কামৰূপৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কল্যাণ কুমাৰ পাঠকৰ নেতৃত্বত চলে এই অভিযান ।

গোপন সূত্ৰৰ তথ্য অনুসৰি গুৱাহাটীৰ পৰা মানকাচাৰ অভিমুখে আহি থকা AS-01, FC-3133 নম্বৰৰ চুপাৰ বাছখনৰ ভিতৰত হিৰোয়িণ থকাৰ সম্ভেদ পাই গুৱাহাটীৰ পৰা অনুসৰণ কৰি আহিছিল কামৰূপৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কল্যাণ কুমাৰ পাঠকৰ নেতৃত্বত অহা দলটোৱে ।

উক্ত বাছখনতে হিৰোয়িণ সহ আটক কৰে মানকাচাৰৰ আব্দুল কায়মক নামৰ এজন লোকক । কুকুৰমাৰা টাউন পোৱাৰ লগে লগে কামৰূপ আৰক্ষীক সহযোগ কৰি ছয়গাঁও আৰক্ষীয়ে জব্দ কৰে প্ৰায় ২৯ লাখ ৬০ হাজাৰ টকাৰ নিষিদ্ধ দ্ৰব্য । এইপৰ্যন্ত ছয়গাঁও আৰক্ষী থানাতে জেৰা কৰি থকা হৈছে ড্ৰাগছ সৰবৰাহকাৰী আব্দুল কায়মক ।

নিষিদ্ধ দ্ৰব্যৰ বিৰুদ্ধে বৃহৎ অভিযান
পুনৰ হিংসা! মণিপুৰত আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত আক্ৰমণৰ চেষ্টা একাংশৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in