১৫ বছৰে সত্ৰীয়া নৃত্যৰ প্ৰচাৰ, প্ৰসাৰত নিমগ্ন বিশ্বনাথৰ পল্লৱী গোস্বামী মহন্ত...

১৫ বছৰে সত্ৰীয়া নৃত্যৰ প্ৰচাৰ, প্ৰসাৰত নিমগ্ন বিশ্বনাথৰ পল্লৱী গোস্বামী মহন্ত...
১৫ বছৰে সত্ৰীয়া নৃত্যৰ প্ৰচাৰ, প্ৰসাৰত নিমগ্ন বিশ্বনাথৰ পল্লৱী গোস্বামী মহন্ত...

ডিজিটেল সংবাদ ছয়দুৱাৰ: অসমৰ বাৰেৰহণীয়া সংস্কৃতিৰ অবিচ্ছেদ্য অংগ হিচাপে সত্ৰীয়া নৃত্যই লাভ কৰি আহিছে এক সন্মানজনক আসন। ভাৰতৰ ধ্ৰুপদী আৰু শাস্ত্ৰীয় নৃত্যৰ মৰ্য্যদা লাভ কৰি অহা এই সত্ৰীয়া নৃত্য ভাৰতৰ শাস্ত্ৰীয় নৃত্য ধাৰাসমূহৰ অন্যতম স্বীকৃতি প্ৰাপ্ত নৃত্য।

ভক্তি ভাবাপন্ন আৰু আধ্যাত্মিকতাৰ মেটমৰা সম্ভাৰ নিহিত হৈ থকা ঐতিহ্যপূৰ্ণ এই সত্ৰীয়া নৃত্যৰ পদ্ধতিগত প্ৰশিক্ষণ, প্ৰচাৰ, প্ৰসাৰৰ ক্ষেত্ৰত যোৱা ১৫ বছৰ ধৰি একেৰাহে নিষ্ঠা, সততা আৰু নিৰলসভাবে এক প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰি আহিছে এগৰাকী মহিলাই। কৃষ্টি-সংস্কৃতিৰ পথাৰত সৃষ্টিৰ কঠীয়া সিঁচি অসমৰ সাংস্কৃতিক ক্ষেত্ৰখন উৰ্বৰা কৰি তোলা বহুমুখী প্ৰতিভাৰ অধিকাৰী মহিলাগৰাকীৰ নাম পল্লৱী গোস্বামী মহন্ত।

সত্ৰীয়া সংস্কৃতিৰ মাজত আশা, হাঁহি, বিশ্বাস আৰু জীয়াই থকাৰ মাদকতা বিচাৰি পোৱা মহিলাগৰাকীয়ে শৈশৱ কালতে আইনাম, বিয়ানাম শুনি নৃত্য, গীতৰ প্ৰতি আকৰ্ষিত হৈ পিছলৈ এগৰাকী সফল সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষকৰ মৰ্য্যদা লাভ কৰে।অসমৰ ঐতিহ্যপূৰ্ণ সংস্কৃতি "সত্ৰীয়া নৃত্য"ৰ প্ৰতি নৱপ্ৰজন্মক আকৰ্ষিত কৰাৰ মহৎ উদ্দেশ্যৰে বিশ্বনাথৰ বামগাঁৱৰ পল্লৱী গোস্বামী মহন্তই যোৱা ১৫ বছৰ ধৰি একানপতীয়া আৰু নিস্বাৰ্থভাবে অব্যাহত ৰখা সত্ৰীয়া নৃত্য প্ৰশিক্ষণৰ জৰিয়তে প্ৰতিবছৰে বহু সত্ৰীয়া নৃত্য শিল্পীৰ জন্ম দি আহিছে।

অসম সংগীত সত্ৰৰ অধীনত ২০০৮ চনত সত্ৰীয়া নৃত্যত স্নাতক ডিগ্ৰী লাভ কৰা পল্লৱী গোস্বামী মহন্তই উক্ত অৰ্হতা লাভ কৰাৰ পিছত বিশ্বনাথৰ কোচগাঁৱত "নটৰাজ নৃত্য কলা নিকেতন" নামেৰে এখন নৃত্য প্ৰশিক্ষণৰ বিদ্যালয় স্থাপন কৰি উক্ত বিদ্যালয়ৰ জৰিয়তে নৱপ্ৰজন্মৰ আগ্ৰহী শিক্ষাৰ্থীসকলক সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষণ দি সত্ৰীয়া নৃত্যৰ প্ৰচাৰ, প্ৰসাৰ আৰু পদ্ধতিগত প্ৰশিক্ষণৰ ক্ষেত্ৰত আন্তৰিকতাৰে মনোনিবেশ কৰিবলৈ লয়।

এনেদৰে একাদিক্ৰমে যোৱা ১৫ বছৰ ধৰি উক্ত বিদ্যালয়ৰ জৰিয়তে সত্ৰীয়া নৃত্যৰ পবিত্ৰ ধাৰাক নৱপ্ৰজন্মৰ মাজলৈ লৈ যোৱাৰ ক্ষেত্ৰত ঐকান্তিক প্ৰচেষ্টা চলাই অহা পল্লৱী গোস্বামী মহন্তৰ উপযুক্ত প্ৰশিক্ষণৰ জৰিয়তে সত্ৰীয়া নৃত্য শিল্পী হিচাপে স্বীকৃতি লাভ কৰা নৱপ্ৰজন্মৰ বহু শিল্পীয়ে অসমৰ বিভিন্ন প্ৰান্তৰ লগতে বহি:ৰাজ্যতো নিজৰ নিজৰ পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হৈ আহিছে। সত্ৰীয়া নৃত্যত সাতবছৰীয়া প্ৰশিক্ষণপ্ৰাপ্ত পল্লৱী গোস্বামী মহন্তই সত্ৰীয়া নৃত্যৰ উপৰিও ভাৰত নাট্যম,দশৱতাৰ নৃত্য,জ্যোতি নৃত্য, ৰাভা নৃত্য, লোকনৃত্য,ভূপেন্দ্ৰ নৃত্য,বিহু নৃত্য আৰু বিভিন্ন সৃষ্টিমূলক নৃত্যৰো প্ৰশিক্ষণ দি বৃহত্তৰ অঞ্চলটোত এক উপযুক্ত সাংস্কৃতিক বাতাবৰণ গঢ়ি তুলি আহিছে।

এগৰাকী পাৰদৰ্শী কৰিঅ'গ্ৰাফাৰ হিচাপেও জনপ্ৰিয় পল্লৱী গোস্বামী মহন্ত। বিহু কৰ্মশালাৰ প্ৰশিক্ষক আৰু বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ অভিজ্ঞতা সম্পন্ন বিচাৰক হিচাপেও সুনাম আছে তেওঁৰ।

ৰাসত অভিনয় কৰাৰো যথেষ্ট অভিজ্ঞতা থকা পল্লৱী গোস্বামী মহন্ত এটা সাংস্কৃতিক পৰিয়ালত জন্ম হোৱাৰ হেতু সৰুৰে পৰাই তেওঁ আকৰ্ষিত হৈছিল গীত-নৃত্যৰ প্ৰতি।তেওঁৰ পিতৃ দীজেন গোস্বামী এগৰাকী গীতিকাৰ, সুৰকাৰ হিচাপে প্ৰতিষ্ঠিত আছিল।

হাৰমনিয়াম আৰু পিয়ানো খুব সুন্দৰকৈ বজাইছিল তেওঁ। সত্ৰীয়া সংস্কৃতিৰ সাধক বিপুল শৰ্মা আৰু প্ৰভাত কাকতিৰ পৰা অতি কম বয়সৰ পৰা সত্ৰীয়া নৃত্যৰ শিক্ষা গ্ৰহণ কৰা পল্লৱী গোস্বামী মহন্তই সাংসাৰিক জীৱনত আবদ্ধ হোৱাৰ পিছতো আন্তৰিকতাৰে অব্যাহত ৰাখিছে সত্ৰীয়া সংস্কৃতিৰ সাধনা।

জীয়ৰী অৱস্থাত যেনেদৰে তেওঁৰ সংস্কৃতিবান পিতৃ দীজেন গোস্বামীৰ তদাৰক আৰু তত্বাৱধানত নৃত্য চৰ্চা অব্যাহত ৰাখিছিল বিবাহৰ পিছত তেওঁৰ স্বামী মণ্টুমণি মহন্তৰ অনুপ্ৰেৰণা আৰু সাহসত সত্ৰীয়া নৃত্যক অধিক প্ৰচাৰ, প্ৰসাৰ আৰু প্ৰশিক্ষণৰ ওপৰত গুৰুত্ব দিবলৈ সক্ষম হৈ আহিছে তেওঁ। মাতৃৰ এই সাংস্কৃতিক যাত্ৰাত একমাত্ৰ পুত্ৰ অৰ্চিত কাশ্যপ(ৰাজা)য়েও আগবঢ়াই আহিছে আন্তৰিক সহযোগিতা।

যি সময়ত এচাম তথাকথিত শিল্পীৰ যৌন গন্ধী যুক্ত উদ্দাম গীত-নৃত্যৰ সমাহাৰে অসমৰ সাংস্কৃতিক পৰিৱেশ বিষময় কৰি আহিছে ঠিক সেই সময়তে পল্লৱী গোস্বামী মহন্তই সত্ৰীয়া সংস্কৃতিৰ মাধ্যমেৰে নৱপ্ৰজন্মক উপযুক্ত পথৰ সন্ধান দিবলৈ নিস্বাৰ্থ ভাবে গ্ৰহণ কৰি অহা পদক্ষেপ নিত্যান্তই আদৰণীয় বুলি অভিহিত কৰিছে সংস্কৃতিপ্ৰেমী ৰাইজে।

১৫ বছৰে সত্ৰীয়া নৃত্যৰ প্ৰচাৰ, প্ৰসাৰত নিমগ্ন বিশ্বনাথৰ পল্লৱী গোস্বামী মহন্ত...
প্ৰতি শনিবাৰে দীঘলিপুখুৰী পাৰত অসম আৰক্ষীয়ে পৰিৱেশন কৰিব 'সুৰ-সমলয়'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in