/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/a9736bab-f97f-4e64-a37b-a48d817b65fe/sur_samalai_10.jpg)
প্ৰতি শনিবাৰে দীঘলিপুখুৰী পাৰত অসম আৰক্ষীয়ে পৰিৱেশন কৰিব 'সুৰ-সমলয়'
ডিজিটেল ডেস্কঃ এতিয়াৰে পৰা প্ৰতি শনিবাৰে অসম আৰক্ষীয়ে প্ৰদৰ্শন কৰিব বেণ্ড। গুৱাহাটীৰ দীঘলিপুখুৰীপাৰত পাৰত অসম আৰক্ষীয়ে প্ৰতি শনিবাৰে বিয়লি ৪ বজাত এই বেণ্ড প্ৰদৰ্শন কৰিব।
এই অনুষ্ঠানৰ নাম দিছে সুৰ-সমলয়। এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে এই কথা প্ৰকাশ কৰিছে অসম আৰক্ষীৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়াগৰাকীয়ে।
আনহাতে তেওঁ এই সন্দৰ্ভত সকলো ৰাইজকে এই সুৰ-সমলয় অনুষ্ঠান উপভোগ কৰিবলৈ দীঘলিপুখুৰী পাৰলৈ আহিবলৈ আহ্বান জনাইছে।
Also Read: মাজবাট আৰক্ষীৰ বৃহৎ সফলতাঃ ৩০ টা চোৰাং গৰুসহ ট্ৰাক জব্দ...