বিহালীত পুনৰ আন এজন ৰাজ্যিক সভাপতিক হৰুৱাবলৈ সাজু পল্লৱলোচন দাস

বিহালীত পুনৰ আন এজন ৰাজ্যিক সভাপতিক হৰুৱাবলৈ সাজু পল্লৱলোচন দাস

author-image
Asomiya Pratidin
New Update
বিহালীত পুনৰ আন এজন ৰাজ্যিক সভাপতিক হৰুৱাবলৈ সাজু পল্লৱলোচন দাস

ডিজিটেল সংবাদ বিহালী : ৰাজ্যৰ ৭১ নং বিহালী বিধানসভা সমষ্টিত বলিছে উপ-নিৰ্বাচন কেন্দ্ৰিক গৰম বতাহ ৷ বিশেষকৈ শাসকীয় দল বিজেপিৰ নেতাৰ মাজত সৃষ্টি হৈছে প্ৰাৰ্থিত্ব কেন্দ্ৰিক তীব্ৰ সংঘাত ৷

Advertisment

দলটোৰ চাৰিজনকৈ নেতাই নিজকে বিজেপি দলৰ উপ-নিৰ্বাচনৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰি সমষ্টিটোত চলাইছে প্ৰচাৰ ৷ ইয়াৰ মাজতে বিৰোধী কংগ্ৰেছ দলেও উপ-নিৰ্বাচনৰ বাবে ককালত টঙালি বান্ধিছে ৷

বিহালীৰ উপ-নিৰ্বাচনত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা প্ৰাৰ্থী হ'ব পাৰে বুলি চৰ্চা চলাৰ সময়তে সমষ্টিটোত নিৰ্বাচন খেলাৰ মন মেলি জন সম্পৰ্ক অভিযান আৰম্ভ কৰা পল্লৱ লোচন দাসে আদৰণি জনাইছে ভূপেন বৰাক ৷ বিহালীৰ উপ-নিৰ্বাচনত বিজেপি দলৰ প্ৰাৰ্থী হ'ব বুলি এক ইঙ্গিত দি ভূপেন বৰা সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে পল্লৱ লোচন দাসে।

দাসে কয়- ৰাজ্যিক সভাপতিক হৰুৱাটো তেঁওৰ এক ট্ৰেক ৷ পুনৰ এইবাৰো এগৰাকী ৰাজ্যিক সভাপতি হৰুৱালৈ সাজু তেঁও ৷ ২০১১ চনৰ নিৰ্বাচনত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দত্তক পৰাস্ত কৰা পল্লৱ লোচন দাসে কয় যে ৰাজ্যিক সভাপতিক পৰাভূত কৰা মোৰ ট্ৰেক ৰেকৰ্ড আগৰ পৰাই আছে ৷ যদি মই টিকটটো পাই যাও পুনৰবাৰ কংগ্ৰেছৰ ৰাজ্যিক সভাপতিক হৰুৱাই মোৰ সন্মান বৃদ্ধি হ'ব ৷

ৰাজ্যিক সভাপতিক হৰুৱাৰ সন্মানটো মোৰ সদায় থাকি যাব ৷ ইতিহাস যদি পুৰাবৃত্তি হয় মোৰ সমান সুখী কোনো নহ'ব। এনেকুৱা সৌভাগ্য খুব কম মানুহে পায় আৰু ঈশ্বৰে যদি মোক এনেকুৱা সৌভাগ্য দিয়ে তেন্তে মই আন্তৰিকতাৰে গ্ৰহন কৰিম বুলি দাসে মন্তব্য কৰে ৷

উল্লেখযেগ্য যে বিগত ২০১১ চনৰ বিধানসভা নিৰ্বাচনত সেই সময়ৰ ৰাজ্যিক বিজেপিৰ সভাপতি তথা বিহালীৰ বিজেপি বিধায়ক ৰঞ্জিত দত্তক পৰাভূত কৰিছিল পল্লৱলোচন দাসে ৷ প্ৰশ্ন হয়- নিজ দলৰ জ্যেষ্ঠ নেতা নৱনিৰ্বাচিত সাংসদ ৰঞ্জিত দত্তৰ পোনপটীয়া সহযোগ লাভ নকৰাৰ ক্ষোভতেই পল্লৱলোচন দাসে ৰাজ্যিক সভাপতিক হৰুৱাটো ট্ৰেক বুলি মন্তৱ্য কৰিছে নেকি?

আনহাতে বিহালীৰ প্ৰাক্তন বিধায়ক,সাংসদ পল্লৱলোচন দাসে বিহালী সমষ্টিৰ মণ্ডল বিজেপিৰ সহযোগ লাভ নকৰাত নিজাববীয়াকৈ জন সম্পৰ্ক অভিযানৰ নামত সমষ্টিটোত চলাইছে ধাৰাবাহিক নিৰ্বাচনী প্ৰচাৰ ৷ বিপৰীতে ন-বিজেপি জয়ন্ত বৰাই বিহালী মণ্ডল বিজেপিৰ সহযোগত সমষ্টিৰ চুকে-কোনে চলাইছে নিৰ্বাচনী প্ৰচাৰ কাৰ্য ৷

ফলত পল্লৱলোচন দাস বনাম জয়ন্ত বৰা কেন্দ্ৰিক প্ৰাৰ্থিত্ব সংঘাত পৰিষ্ফুট হৈছে ৷ এককথাত বিহালী বিজেপিয়ে জয়ন্ত বৰাক ঢাল হিচাপে ব্যৱহাৰ কৰি মুকলিকৈ তীব্ৰ বিৰোধ কৰিছে পল্লৱলোচন দাসক ৷

বিহালীত পল্লৱলোচন দাস বনাম জয়ন্ত বৰাৰ যুঁজখন চলি থকাৰ সময়তে বিহালীত নিৰ্বাচনী প্ৰচাৰত নামিছে বিজেপিৰ অনুসূচিত জাতি মৰ্চাৰ ৰাজ্যিক উপ-সভাপতি চিত্তৰঞ্জণ পাঠক আৰু বিশ্ব হিন্দু পৰিষদৰ নেতা নৃপেন শইকীয়া ৷ সম্প্ৰতি বিহালীত চলিছে উপ নিৰ্বাচনৰ প্ৰাৰ্থীত্ব টনা আঁজোৰা ৷

ফলত দিনক দিনে বিহালীত গৰম হৈ পৰিছে ৰাজনীতিৰ পথাৰ৷ সমান্তৰালভাৱে বিহালী বিজেপিৰ সহযোগ অবিহনে নিৰ্বাচনী প্ৰচাৰ চলাৱ লগা হোৱা পল্লৱলোচন দাসে প্ৰাৰ্থিত্ব নিশ্চিত হ'লে সদ্য নিৰ্বাচিত সাংসদ ,বিহালীৰ বিধায়ক ৰঞ্জিত দত্তৰ সহযোগ লাভ কৰিব বুলি আশা কৰিছে।

Also Read: ১৫ দিনতে দ্বিতীয়বাৰলৈ কপিলীয়ে তাণ্ডৱ চলাইছে কামপুৰৰ বিভিন্ন এলেকাত

bihali PALLAB LOCHAN DAS