/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/2b93bb44-f4fa-43b9-a1bf-92db4455ed21/AP_FOR_WEB__kapili_.jpg)
ডিজিটেল ডেস্ক: ১৫ দিনৰ ব্যৱধানতে দ্বিতীয়বাৰলৈ কপিলী নৈৰ বাঢ়নী পানীয়ে তাণ্ডৱ চলাইছে কামপুৰ ৰাজহ চক্ৰৰ বিস্তিৰ্ণ অঞ্চলত। বৰাক উপত্যকা, মেঘালয় আৰু বৰাইল পৰ্বতমালাত হোৱা প্ৰবল বৃষ্টিপাত আৰু খহনীয়াৰ গ্ৰাসত পৰি শুকুৰবাৰে মাজনিশাৰে পৰা বৰাক উপত্যকা আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ বিভিন্ন অঞ্চলত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/fec8bfdf-4086-4b49-8a19-6dc4ec935b69/6deb49fd-d4b9-4081-9f9e-38c09b2a4d03.jpg)
পাহাৰৰ পৰা নামি অহা প্ৰবল ঢলে বৰাক উপত্যকাৰ বিভিন্ন অঞ্চলত পথ-দলং উটুৱাই নিয়াৰ উপৰিও মাটি-শিলে পথ বন্ধ কৰি পেলোৱাৰ ফলত সমগ্ৰ উপত্যকাটোৰে বহিঃ বিশ্বৰ সৈতে ব্যাহত হৈ আছে। আৱদ্ধ হৈ পৰিছে শ শ যান-বাহন।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/5e8c9080-cccc-4d1d-bda7-1aa09ce219ef/a9a09a64-969a-47dc-bbd0-ac99cb2b02d3.jpg)
ইফালে ইয়াৰ ফলশ্ৰুতিতে ১৫ দিনতে দ্বিতীয়বাৰলৈ ফেনে-ফুটুকাৰে বাঢ়ি উঠিছে কপিলী নৈ। কালি কপিলী নৈৰ জলপৃষ্ঠ কামপুৰ ৰাজহ চক্ৰ এলেকাত বিপদসীমাৰ মাত্ৰ ১৯ মিলিমিটাৰ তলেৰে বৈ থকাত প্ৰশাসনৰ ফালৰ পৰা নৈপৰীয়া ৰাইজক মাইকযোগে সম্ভাৱ্য বিপদৰ আগজাননী দিয়া হৈছিল। কিয়নো মে’ মাহৰ মাজভাগত মেঘালয়ত হোৱা অতিবৃষ্টিৰ বাবে কপিলী আৰু কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পৰ মুঠ ৭খন গেট খুলি দিয়াৰ ফলত দ্ৰুতহাৰত বৃদ্ধি পোৱা কপিলীৰ পানীয়ে কামপুৰ ৰাজহ চক্ৰ এলেকাৰ কেইবাটাও স্থানত দলং-মথাউৰি ছিগাৰ উপৰি পথৰ ওপৰেৰে পানী বাগৰি নৈপৰীয়া গাঁৱসমূহত ত্ৰাসৰ সৃষ্টি কৰিছে। একে পৰিস্থিতিৰ সৃষ্টি কৰিছিল কাৰ্বি লাংপিৰ উৎস নৈ বৰপানীয়েও।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/cb1b5434-c6d6-42a0-800c-4190bf357da2/16fbac0f-8627-43c6-a88a-0979918f8f8d.jpg)
ইফালে আজি পুৱাৰে পৰা কপিলীৰ জলস্তৰ ৬১.৪২ ছেণ্টিমিটাৰলৈ বৃদ্ধি পোৱাৰ লগে লগে ইতিপূৰ্বে ছিগা মথাউৰি আৰু বিভিন্ন স্থানত তাঁৰ বাগৰি বিদ্যুত প্ৰবাহেৰে বোৱা ঢলে পুনৰ কামপুৰ অঞ্চলত তাণ্ডৱৰ সৃষ্টি কৰিছে। কামপুৰ ৰাজহ চক্ৰৰ নলাপাৰা-মাজৰআতি, কামপুৰ-গোকুলগুৰি পথৰ চাংচুকীতো পথৰ ওপৰেৰে পানী বাগৰি ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/6cac8006-78f2-4462-bae7-bfa4428207b9/671fb860-1320-4d7a-a838-266572c394c2.jpg)
জলসম্পদ বিভাগৰ মতে কপিলীৰ জলস্তৰ আৰু বৃদ্ধি পোৱাৰ আশংকা আছে। ফলত শতাধিক গাঁৱৰ একাংস লোক নিৰাপদ স্থানলৈ নিজে নিজে আঁতৰি যোৱাৰ বিপৰীতে এতিয়াও নিজৰ ঘৰতে থকা বৃহৎ সংখ্যক লোক জলবন্দী হৈ পৰাৰ আশংকা আছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/366b5392-8cb3-4c98-a3ef-6cf6e4df711f/7370b205-66ff-4541-82c8-a0f5b5ec15b7.jpg)
এনে পৰিস্থিতি প্ৰশাসনৰ তৰফৰ পৰা ক্ষীপ্ৰ ব্যৱস্থা গ্ৰহণ কৰাটো অতিকে প্ৰয়োজন। অন্যথা বৃহৎ অঞ্চলৰ ৰাইজ নগাঁও সদৰকে ধৰি বহিঃবিশ্বৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈ পৰাই নহয়, জীৱন-সম্পত্তি হানি হোৱাৰ আশংকা আছে।
Also Read: পশ্চিমবংগত ভয়ংকৰ ৰে'ল দুৰ্ঘটনা : দুৰ্ঘটনাত পতিত কাঞ্চনজংঘা এক্সপ্ৰেছ