চিজুছাত পাকে পাগা হৰ্ণবিল উৎসৱত অংশগ্ৰহণ কৰিব অৰুণাচল পৰিবেশ আৰু পৰ্য্যটন মন্ত্ৰীয়ে

চিজুছাত পাকে পাগা হৰ্ণবিল উৎসৱত অংশগ্ৰহণ কৰিব অৰুণাচল পৰিবেশ আৰু পৰ্য্যটন মন্ত্ৰীয়ে

ডিজিটেল সংবাদ,জামুগুৰিহাটঃ অসম অৰুণাচল সীমান্তৱৰ্তী চিজুছাত বৃহস্পতিবাৰে পৰা তিনিদিনীয়া বিস্তৃত কাৰ্য্যসূচীৰে আৰাম্ভ হৈছে নৱম বাৰ্ষিক পাকে পাগা হৰ্ণবিল উৎসৱ ৷ এই উপলক্ষে অৰুণাচলী লোক সকলে বহু উলহ মালহৰে উৎসৱভাগ উদযাপন কৰিবলৈ আগবাঢ়িছে ।

আজিৰ শুভাৰম্ভ অনুষ্ঠানত মূখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি অৰুণাচল প্ৰদেশৰ পৰিবেশ আৰু পৰ্য্যটনৰ মন্ত্ৰী নাকাপ নালোয়ে সহস্ৰাধিক ৰাইজক উদ্দেশ্যি ভাষণ প্ৰসংগত কয় যে - অৰুণাচল প্ৰদেশ এচিয়াৰ ভিতৰতে প্ৰকৃতি আৰু জৈৱ বৈচিত্ৰৰে ভৰপুৰ ৰাজ্য । গতিকে আমাৰ প্ৰদেশৰ প্ৰতিজন লোকেই ইয়াক সংৰক্ষণ কৰাটো অতিকে প্ৰয়োজনীয় । বৰ্তমান কেন্দ্ৰ আৰু ৰাজ্যৰ ডাবোল ইঞ্জিন চৰকাৰে অৰুণাচলৰ প্ৰাকৃতিক সৌন্দৰ্য্যৰ লগতে জৈৱ বৈচিত্ৰৰ সংৰক্ষণৰ কাৰণে বহুতো কাম কৰিছে আৰু ভৱিষ্যতে আৰু কৰি যাব বুলি মই আশাবাদী ।

মন্ত্ৰী গৰাকীয়ে ভাষনৰ অন্তত মঞ্চত উপবিষ্ট সকলোৰে লগত প্ৰদৰ্শনীসমূহ পৰিভ্ৰমন কৰে ৷ অনুষ্ঠানটিত প্ৰশাসনৰ উচ্চপদস্থ বিষয়াৰ লগতে বনবিভাগৰ উচ্চপদস্থ বিষয়া সকলৰ লগতে স্থানীয় বহুকেইগৰাকী বিশিষ্ট ব্যক্তি ও ৰাইজে অংশগ্ৰহণ কৰে। অনুষ্ঠানৰ শেষত স্থানীয় পাকে কেচাং বিধান সভাৰ বিধায়ক তথা ৰাজ্যখনৰ ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি বিওৰাম ওৱাগেই উপস্থিত সকলোকে উদ্দেশ্যি শলাগৰ শৰাই আগবঢ়াই ।

চিজুছাত পাকে পাগা হৰ্ণবিল উৎসৱত অংশগ্ৰহণ কৰিব অৰুণাচল পৰিবেশ আৰু পৰ্য্যটন মন্ত্ৰীয়ে
জাগীৰোডত নতুনকৈ ১৩৭০২ টা পৰিয়ালক ৰেচন কাৰ্ড বিতৰণ মন্ত্ৰী পীযুষ হাজৰীকাৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in