পৰাক্ৰম দিৱসত ৰঙিয়া কেন্দ্ৰিয় বিদালয়ত চিত্ৰাংকণ প্ৰতিযোগিতা, নেতাজীক স্মৰণ...

পৰাক্ৰম দিৱসত ৰঙিয়া কেন্দ্ৰিয় বিদালয়ত চিত্ৰাংকণ প্ৰতিযোগিতা, নেতাজীক স্মৰণ...

author-image
Asomiya Pratidin
New Update
পৰাক্ৰম দিৱসত ৰঙিয়া কেন্দ্ৰিয় বিদালয়ত চিত্ৰাংকণ প্ৰতিযোগিতা, নেতাজীক স্মৰণ...

পৰাক্ৰম দিৱসত ৰঙিয়া কেন্দ্ৰিয় বিদালয়ত চিত্ৰাংকণ প্ৰতিযোগিতা, নেতাজীক স্মৰণ...

ডিজিটেল সংবাদ ৰঙিয়াঃ পৰাক্ৰম দিৱস উপলক্ষে আজি ২৩ জানুৱাৰী মঙলবাৰে ৰঙিয়া কেন্দ্ৰীয় বিদালয়ত পৰীক্ষা পে চৰ্চা,২০২৪ ৰ লগত সংগতি ৰাখি চিত্ৰাংকণ প্ৰতিযোগিতা অনুষ্ঠিত হয়। ৰঙিয়াৰ ওচৰৰ ১৭ খন বিদ্যালয়ৰ ১০০ গৰাকী শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰি বন্তি প্ৰজ্বলন কৰা প্ৰতিযোগিতাখন আনুষ্ঠানিকভাৱে উদ্ধোধন কৰে - বিশিষ্ট অতিথি বজেন্দ্ৰ দেৱ মোহন শৰ্মা আৰু ৰঙিয়া কেন্দ্ৰীয় বিদ্যালয়ৰ অধ্যক্ষ ছেচানুজ সৰকাৰে।

Advertisment

আদৰ্শ চিত্ৰ কলা নিকেতনৰ অধ্যক্ষ ৰাতুল চন্দ্ৰ নাথে নেতাজী কৰ্মজীৱনৰ ওপৰত আলোকপাত কৰাৰ লগতে চিত্ৰ কলাৰ গুৰুত্ব সম্পৰ্কেও বিষদ বাখ্যা আগবঢ়ায় । বিকশিত ভাৰত, চন্দ্ৰ যান মিছন আৰু ভাৰতীয় স্বতন্ত্ৰতা সেনানীক থিম হিচাপে লৈ আয়োজন কৰা চিত্ৰাংকণ প্ৰতিযোগিতাত ফাতেমা কনভেন্ট চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ মানসি শ্যানৱালে প্ৰথম পুৰস্কাৰ,চাৰ্চ পাব্লিক স্কুলৰ সৌৰভজ্যোতি বড়োৱে দ্বিতীয় পুৰস্কাৰ, ৰঙিয়া কেন্দ্ৰীয় বিদ্যালয়ৰ ভৃগুকুমাৰ দাসে তৃতীয় পুৰস্কাৰ, ৰঙিয়া গাৰ্লছ হাইয়াৰ চেকেণ্ডাৰী স্কুলৰ শিখাশ্ৰী নাথে চতুৰ্থ আৰু ফাতেমা কনভেন্ট চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ ৰিয়ান বৰুৱাই পঞ্চম পুৰস্কাৰ লাভ কৰে ।

পৰাক্ৰম দিৱসত বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ -ছাত্ৰীক ৰঙিয়া কেন্দ্ৰীয় বিদ্যালয়ত একত্ৰিত কৰি আয়োজন কৰা চিত্ৰাংকণ প্ৰতিযোগিতাৰ জৰিয়তে বিদ্যালয়সমূহৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সমন্বয় গঢ়ি তুলি সামাজিক ঐক্য গঢ়ি তুলিবলৈ ৰঙিয়া কেন্দ্ৰীয় বিদ্যালয়ৰ অধ্যক্ষ ছেচানুজ সৰকাৰে লোৱা পদক্ষেপক বিদ্যালয় সমূহৰ লগতে স্থানীয় ৰাইজে ভূয়সী প্ৰশংখা কৰিছ ।

Also Read: ভাৰত জোড়ো ন্যায় যাত্ৰাত আৰক্ষীৰ লাঠিচালনাক গৰিহণা কা বিৰোধী সমন্বয় সমিতি...

ৰঙিয়া পৰাক্ৰম দিৱস