ভাৰত জোড়ো ন্যায় যাত্ৰাত আৰক্ষীৰ লাঠিচালনাক গৰিহণা কা বিৰোধী সমন্বয় সমিতি...

ভাৰত জোড়ো ন্যায় যাত্ৰাত আৰক্ষীৰ লাঠিচালনাক গৰিহণা কা বিৰোধী সমন্বয় সমিতি...
ভাৰত জোড়ো ন্যায় যাত্ৰাত আৰক্ষীৰ লাঠিচালনাক গৰিহণা কা বিৰোধী সমন্বয় সমিতি...

ডিজিটেল সংবাদ গুৱাহাটীঃ নাগৰিকত্ব সংশোধনী আইন (কা) বিৰোধী সমন্বয় সমিতি, অসমে আজি গুৱাহাটীৰ কইনাধৰাত ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাক গুৱাহাটী মহানগৰৰ মাজ মজিয়াত প্ৰবেশত বাধা প্ৰদান কৰা আৰু আৰক্ষীৰ লাঠিচালনাত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাসহ বহু কেইগৰাকী কংগ্ৰেছ নেতা -কৰ্মী আহত হোৱা, বহুতক গ্ৰেপ্তাৰ কৰাৰ ঘটনাক কঠোৰ ভাষাৰে গৰিহণা দিছে আৰু এয়া কোনো সভ্য শাসনৰ পৰিচায়ক নহয় বুলি উল্লেখ কৰিছে।

সমিতিয়ে এক প্ৰেছ বিজ্ঞপ্তিত প্ৰকাশ কৰে যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাৰত জোড়ো ন্যায় যাত্ৰাত শংকিত হৈ সংবিধানৰ বিৰুদ্ধে উদ্ধতালি প্ৰদৰ্শন কৰিছে আৰু ই গণতন্ত্ৰৰ বাবে ভয়ংকৰ বিপদ মাতি আনিছে। সমিতিয়ে প্ৰশ্ন কৰে যে, বিজেপিৰ সভাপতি জে পি নাড্ডা আৰু গৃহমন্ত্ৰী অমিত শ্বাহে গুৱাহাটী মহানগৰৰ ৰাজহুৱা পৰিবহন ব্যৱস্থা অচল কৰি যদি ৰোডশ্ব' কৰিব পাৰে, তেন্তে ৰাহুল গান্ধীৰ শান্তিপূৰ্ণ ভাৰত জোড়ো ন্যায় যাত্ৰাই অনুমতি নাপাব কিয়? আচলতে এই কাৰ্যই মুখ্যমন্ত্ৰী গৰাকীৰ স্বেচ্ছাচাৰিতা আৰু প্ৰতিশোধ পৰায়ণ চৰিত্ৰকহে উদঙাই দিছে।

সমিতিয়ে বিজ্ঞপ্তিটোত কয় যে, আজি গুৱাহাটীত ভাৰত জোড়ো ন্যায় যাত্ৰাৰ প্ৰতি সংহতি আৰু সমৰ্থন জনাই সমিতিৰ মুখ্য সমন্বয়ক দেবেন তামুলী, পংকজ কুমাৰ দাস, ইচফাকুৰ ৰহমান, নৰেন বৰা, ৰবীন্দ্ৰ কুমাৰ দাস, ভব ডেকা, নিৰংকুশ নাথ, প্ৰতুল বৰ্মন আদি প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰে। প্ৰেছ বিজ্ঞপ্তিটোত লগতে ৰাজকোষৰ ধনেৰে মন্ত্ৰী বিধায়কে ৰাম মন্দিৰ প্ৰদৰ্শন কৰাৰ বাবে অসম কেবিনেটে গ্ৰহণ সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰিছে আৰু ভয়ংকৰ ঋণফাণ্ডত ডুব যোৱা অসমত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজহুৱা ধনক লৈ হেতালি খেলা আৰু গণতান্ত্ৰিক বিধি ব্যৱস্থাৰ ওপৰত চলোৱা আক্ৰমণৰ বিৰুদ্ধে জনসাধাৰণক প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আহ্বান জনাইছে।

ভাৰত জোড়ো ন্যায় যাত্ৰাত আৰক্ষীৰ লাঠিচালনাক গৰিহণা কা বিৰোধী সমন্বয় সমিতি...
অতীত হ'ল আলফাঃ আনুষ্ঠানিকভাৱে ভংগ ঘোষণা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in