গুৱাহাটী প্ৰেছ ক্লাৱত উন্মোচন হ'ব পদুমী গগৈৰ নৱমতম উপন্যাস 'চ্চাওফা'

গুৱাহাটী প্ৰেছ ক্লাৱত উন্মোচন হ'ব পদুমী গগৈৰ নৱমতম উপন্যাস 'চ্চাওফা'

ডিজিটেল ডেস্কঃ লেখিকা পদুমী গগৈৰ 'চ্চাওফা' শীৰ্ষক উপন্যাসখন ২৩ জানুৱাৰীত গুৱাহাটী কপ্ৰেছ ক্লাৱত উন্মোচন কৰা হ'ব। দিনৰ ১ বজাত অনুষ্ঠিত হ'বলগীয়া হয় এই অনুষ্ঠানত উপন্যাসখন উন্মোচন কৰিব অসম সাহিত্য সভাৰ সভাপতি সূৰ্য্য কান্ত হাজৰিকাই।

পদুমী গগৈৰ এইখন নৱমতম উপন্যাস। এই অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব অসমীয়া প্ৰতিদিনৰ সহকাৰী সম্পাদক তথা জ্যেষ্ঠ সাংবাদিক প্ৰকাশ মহন্ত, বিশিষ্ট লেখক ময়ুৰ বৰা, সুলেখিকা তথা সমাজ সেৱিকা ৰেখা বৰুৱা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক প্ৰফুল্ল কুমাৰ নাথ আৰু বিশিষ্ট লেখক নবীন বুঢ়াগোঁহাই।

দৈনিক অসমৰ সাংবাদিক গোকুল তালুকদাৰে আঁত ধৰিবলগীয়া এই অনুষ্ঠানটোৰ বন্তি প্ৰজ্জ্বলন কৰিব বি.ই.চিভিল অজিত চন্দ্ৰ খনিকৰে। আনহাতে এই অনুষ্ঠানত সভাপতি হিচাপে উপস্থিত থাকিব অঃভাঃসাঃপৰ মুখ্য উপদেষ্টা তথা লেখৰ ধীৰেন শৰ্মা।

গুৱাহাটী প্ৰেছ ক্লাৱত উন্মোচন হ'ব পদুমী গগৈৰ নৱমতম উপন্যাস 'চ্চাওফা'
অবিস্মৰণীয়! হেলিকপ্টাৰৰ পৰা কৰা হ'ব পুষ্পাবৃষ্টি, ৩০ বিধ বাদ্য, ৭০০০ অতিথিয়ে বজাব ঘণ্টা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in