নাপালে টিকট! প্ৰদেশ কংগ্ৰেছৰ শিক্ষক কোষৰ অধ্যক্ষ পদ ত্যাগ ডঃ পদ্মেশ্বৰ দলেৰ

নাপালে টিকট! প্ৰদেশ কংগ্ৰেছৰ শিক্ষক কোষৰ অধ্যক্ষ পদ ত্যাগ ডঃ পদ্মেশ্বৰ দলেৰ

ডিজিটেল সংবাদ, ঢকুৱাখনা: যিমানেই লোকসভাৰ নিৰ্বাচনৰ দিন চমু চাপি আহিছে সিমানেই যেন বিপর্যয় নামি আহিছে অসম প্ৰদেশ কংগ্ৰেছলৈ । লখিমপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থীৰ নাম কংগ্ৰেছ দলটোৱে ঘোষণা কৰাৰ পাছতেই ক্ৰমাৎ তীব্রতৰ হৈ আহিছে এই বিপর্যয় ।

দেওবাৰে নাওবৈছা বিধানসভা সমষ্টিৰ বিধায়ক ভৰত চন্দ্ৰ নৰহে অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ মেডিয়া কোষৰ অধ্যক্ষ পদৰ পৰা পদত্যাগ কৰিছিল। ইয়াৰ পাছত এইবাৰ অন্য এগৰাকী নিষ্ঠাবান দলীয় নেতৃত্বই কংগ্ৰেছ দলৰ গুৰুত্বপূৰ্ণ পদ ত্যাগ কৰাৰ লগতে দলৰ প্ৰাথমিক সদস্য পদো ত্যাগ কৰে ।

লখিমপুৰ লোকসভা সমষ্টিৰ অন্যতম শক্তিশালী প্ৰাৰ্থীত্বৰ দাবীদাৰ হিচাবে দলীয় মহলত সৰ্বাধিক চর্চা লাভ কৰিছিল বিশিষ্ট শিক্ষাবিদ দিল্লীৰ শ্ৰী ৰাম বাণিজ্য মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ডঃ পদ্মেশ্বৰ দলে।

বিগত প্ৰায় এটা দশক ধৰি কংগ্ৰেছ দলৰ এগৰাকী সদা সক্ৰিয় নেতা হিচাবে কংগ্ৰেছ দললৈ প্ৰভূত সাংগঠনিক সেৱা আগবঢ়াই গৈছিল ডঃ দলেয়ে । দলেৰ কৰ্তব্য নিষ্ঠা আৰু সাংগঠনিক ক্ষমতা পৰ্যবেক্ষণ কৰি অসম প্ৰদেশ কংগ্ৰেছ সমিতিযে ডঃ দলেক অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ শিক্ষক কোষৰ সন্মানীয় অধ্যক্ষৰ পদত অধিস্থিত কৰিছিল ।

নিখিল ভাৰত কংগ্ৰেছ সমিতিয়ে ডঃ দলেক এই গুৰুত্বপূৰ্ণ পদত নিযুক্তি প্ৰক্ৰিয়াত অনুমোদন জনাইছিল । কিন্তু এইগৰাকী বিষয়ববীয়াই দেওবাৰে উক্ত গুৰুত্বপূৰ্ণ বিষয়বাবৰ লগতে প্ৰাথমিক সদস্য পদৰ পৰাও অব্যাহতি লোৱা বুলি জানিব পৰা গৈছে।

প্ৰাপ্ত তথ্য মতে ৰাজ্যিক শিক্ষক কোষৰ অধ্যক্ষ ডঃ দলে দল আৰু পদ ত্যাগ কৰাৰ সন্দৰ্ভত এক পত্ৰ নিখিল ভাৰত কংগ্ৰেছ সমিতিৰ অধ্যক্ষ মল্লিকাৰ্জুন খৰ্গেলৈ প্ৰেৰণ কৰিছে । ডঃ দলেয়ে প্ৰদেশ কংগ্ৰেছত নীতিনিষ্ঠ নেতা কৰ্মীৰ ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত নহয় বুলি সংবাদ মাধ্যমক অৱগত কৰি ভূপেন বৰাৰ কাৰ্যকালত গণতান্ত্ৰিক প্ৰমূল্যবোধৰ চূড়ান্ত শ্মশানযাত্ৰা কাল চলিছে বুলি ব্যক্ত কৰে ।

নবাগত কংগ্ৰেছী উদয় শংকৰ হাজৰিকাৰ প্ৰাৰ্থীত্ব ঘোষণাৰ পাছতেই প্ৰদেশ কংগ্ৰেছত উন্মেষ ঘটা এনে দল পদত্যাগৰ কথা কাণ্ডই প্ৰদেশ কংগ্ৰেছৰ লোকসভা সমষ্টিৰ মজিয়াটো কম্পনৰ সৃষ্টি কৰিছে ।

নাপালে টিকট! প্ৰদেশ কংগ্ৰেছৰ শিক্ষক কোষৰ অধ্যক্ষ পদ ত্যাগ ডঃ পদ্মেশ্বৰ দলেৰ
তদন্তৰ অন্তত ব্যৱস্থা গ্ৰহণ কৰা হ'ব: মল্লযোদ্ধাসকলৰ অভিযোগ সন্দৰ্ভত ৰাজনাথ সিং

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in