প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক পদ্মলোচন দলেৰ পদত্যাগ

প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক পদ্মলোচন দলেৰ পদত্যাগ

author-image
Asomiya Pratidin
New Update
প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক পদ্মলোচন দলেৰ পদত্যাগ

ডিজিটেল সংবাদ, ঢকুৱাখনা: পুনৰ প্ৰদেশ কংগ্ৰেছত খহনীয়া । এইবাৰ প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক পদৰ লগতে দলৰ প্ৰাথমিক সদস্য পদ এৰিলে পদ্মলোচন দলে। যোৱা বিধানসভা নিৰ্বাচনৰ প্ৰায় এক সপ্তাহ পূৰ্বে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ যোগদান কৰি ঢকুৱাখনা বিধান সভা সমষ্টিৰ পৰা প্ৰাৰ্থীত্ব লাভ কৰা পদ্মলোচন দলেক পৰৱৰ্তী সময়ত প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক পদত অধিষ্ঠিত কৰা হৈছিল ।

Advertisment

কিন্তু ক্ষমতাৰ লালসাত কেৱল ৰাজনীতিৰ ক্ষেত্ৰখনলৈ মিচিং জাতীয় সংগঠনৰ পৰা লং জাঁপ মৰা পদ্মলোচন দলেৰ বাবে ক্ষমতাহীন হৈ ৰাজনীতি কৰাতো সম্ভৱ নহ'ল। ৮ এপ্ৰিলত দলেয়ে বিৰোধী ৰাজনৈতিক দলটোৰ পৰা আঁতৰি যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

সেই মৰ্মে সোমবাৰে পদ্মলোচন দলেযে অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সভাপতিলৈ এখন পত্ৰ প্ৰেৰণ কৰি কংগ্ৰেছ দলৰ প্ৰাথমিক সদস্যৰ লগতে প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদকৰ পদৰ পৰা অব্যাহতি লয়। দলেৰ এই সিদ্ধান্তই ঢকুৱাখনা আৰু ঘিলামৰা ব্লক কংগ্ৰেছত তুমুল জোকাৰণিৰ সৃষ্টি কৰিছে।

একাংশ দলৰ নেতা কৰ্মীয়ে দলেৰ এই ছদ্মবেশী চৰিত্ৰৰ কটু সমালোচনা কৰি অনাগত সময়ত ইয়াৰ সমুচিত প্ৰত্যুত্তৰ পাব বুলি মন্তব্য কৰিছে। মূল্যবোধৰ ৰাজনীতি কৰাৰ পৰিবৰ্তে ক্ষমতালোভী ৰাজনীতিক প্ৰাধান্য দিয়া দলেৰ এনে সিদ্ধান্তক তীব্ৰ সমালোচনা কৰিছে কংগ্ৰেছ নেতা কৰ্মী সকলে।

উল্লেখযোগ্য যে দলেয়ে মঙলবাৰে লখিমপুৰলৈ নিৰ্বাচনী প্ৰচাৰৰ বাবে আহিব লগা কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহৰ ওচৰত গেৰুৱা বসন পিন্ধিব বুলি জনা গৈছে । দলেৰ লগতে গৰিষ্ঠ সংখ্যক দলীয় নেতা কৰ্মীয়েও আনুষ্ঠানিক ভাৱে গেৰুৱা দলত যোগ দিয়াৰ সম্ভাৱনা আছে।

Also Read: কিয় চৰম পন্থা বাছি ল'লে দুই কিশোৰ-কিশোৰীয়ে ?

congress