পাচলি খেতিৰে আত্ম নিৰ্ভৰশীলতাৰ নিদৰ্শন কঠীয়াতলীৰ যুৱকৰ

চাকৰি আৰু সহজ প্ৰাপ্ত ধনৰ পিছত দৌৰি নাথাকি নিজৰ ৭ বিঘা মাটিত শাক-পাচলি খেতি কৰি স্বাভালাম্বিত হোৱাৰ দিশত আগবাঢ়িছে অসমীয়া যুৱকজনে ।
পাচলি খেতিৰে আত্ম নিৰ্ভৰশীলতাৰ নিদৰ্শন কঠীয়াতলীৰ যুৱকৰ

ডিজিটেল সংবাদ, কঠীয়াতলীঃ নগাওঁ জিলাৰ কঠীয়াতলী জুমৰমুৰ পশ্চিম কাৱৈমাৰী গাৱঁৰ এজন যুৱকে দেখুৱাইছে আত্ম নিৰ্ভৰশীলতাৰ উন্নতম নিদৰ্শন। কেৱল চাকৰি আৰু সহজ প্ৰাপ্ত ধনৰ পিছত দৌৰি নাথাকি নিজৰ ৭ বিঘা মাটিত শাক-পাচলি খেতি কৰি স্বাভালাম্বিত হোৱাৰ দিশত আগবাঢ়িছে অসমীয়া যুৱকজনে ।

উল্লেখ্য যে পানীলাও,ৰঙালাওঁ ৰ লগতে বিভিন্ন শাক পাচলি আৰু লাউ,কচু বেঙেনা, তিতা কেৰেলা আদিৰ খেতি কৰি যুৱকজন আন দহ জনৰ বাবে নিদৰ্শন হৈ পৰিছে ।গাওঁখনৰ শৰৎ নাথ নামৰ যুৱক জনে এনেদৰে দেখুৱাইছে স্বাৱলম্বিতা এক উত্তম নিদৰ্শন হৈ পৰিছে ।

শৰৎ নাথ আৰু তেওঁৰ পৰিয়ালৰ লোকৰ এনে ধৰনৰ কাৰ্যক শলাগ লৈছে অঞ্চলটোৰ লোক সকলে। জানিব পৰা মতে বিগত বৰ্ষৰ দৰে এই বৰ্ষটো শৰৎ নাথ আৰু তেওঁৰ পৰিয়ালে অশেষ কষ্টৰে উৎপাদন কৰি আহিছে এই খেতি দৰা।অশেষ কষ্টৰে কৰা এই খেতিক লৈ যথেষ্ঠ আশাবাদী শৰৎ নাথ আৰু তেওঁৰ পৰিয়ালৰ লোক।

পাচলি খেতিৰে আত্ম নিৰ্ভৰশীলতাৰ নিদৰ্শন কঠীয়াতলীৰ যুৱকৰ
উখল-মাখল কাৰেং চাপৰি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in