ন-দুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ ভোটগ্ৰহন কেন্দ্ৰ পৰিদৰ্শন

ন-দুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ ভোটগ্ৰহন কেন্দ্ৰ পৰিদৰ্শন

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ শোনিতপুৰ লোকসভা সমষ্টিৰ অধীনৰ নদুৱাৰ বিধানসভা সমষ্টিৰ ভোটগ্ৰহন কেন্দ্ৰ সমূহ শুকুৰবাৰে পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয় সমষ্টিটোৰ বিধায়ক পদ্ম হাজৰিকাই৷ নদুৱাৰ সমষ্টিৰ বিভিন্ন প্ৰান্তৰ লগতে সংখ্যালঘূ অধ্যোষিত পাচমাইল অঞ্চলৰ ভোটগ্ৰহন কেন্দ্ৰ সমূহ পৰিদৰ্শন কৰি সাংবাদিকক কয় যে সংখ্যালঘু ৰাইজে এইবাৰ বিজেপি দলক আকোঁৱালি লৈছে৷ সংখ্যালঘূ ৰাইজৰ মাজত বিজেপি দলৰ সপক্ষে এটা পৰিবেশ সৃষ্টি হৈছে৷

অন্যান্য অঞ্চলৰ লগতে এইবাৰ বিশেষকৈ সংখ্যালঘূ ৰাইজে ব্যাপক উৎসাহ উদ্দীপনাৰ মাজেৰেই ভোটদান কৰা পৰিলক্ষিত হৈছে৷ পূৰ্বতে সংখ্যালঘূ এলেকাত অশান্তি হৈছিল , কিন্তু এইবাৰ ইয়াত কোনো গণ্ডগোল নাই৷ সংখ্যালঘূ অধ্যোষিত অঞ্চল সমূহত শান্তিৰ পৰিবেশ বিৰাজ কৰিছে৷ এইবাৰ শান্তিপূৰ্ণ পৰিবেশত ন-দুৱাৰ সমষ্টিৰ প্ৰতিটো ভোটকেন্দ্ৰত ভোটগ্ৰহন কৰিব পৰা হৈছে৷ মুক্ত নিৰ্বাচন হৈছে ৷ ন-দুৱাৰ সমষ্টিত দলৰ প্ৰাৰ্থী ৰঞ্জিত দত্তই একলাখৰো অধিক ভোট লাভ কৰাটো নিশ্চিত ৷

ন-দুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ ভোটগ্ৰহন কেন্দ্ৰ পৰিদৰ্শন
ভোট দানৰ হাৰ 0 শতাংশঃ নাগালেণ্ডৰ ৬খন জিলাক লাগে পৃথক ৰাজ্য...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in